ব্ৰহ্মযাত্ৰীৰ ডায়েৰী। ডাঙ্গৰ টব বা চৰিয়া পানীৰে ভৰি গল। ওপৰত শ্বাৱাৰ-বাথ (shower-bath)। আছে। আধা ঘণ্টামান সাগৰৰ লুণীয়া পানীৰে বেচকৈ গা ধুলোঁ। মূৰৰ চুলি- বিলাক আঠাৰ দৰে অলপ লেকেটা লেকেটি লাগি ধৰিলে। তেতিয়া “মিঠা-পানী” তাৰ্থাৎ কলিকতাৰ পৰা নিয়া নৈৰ পানীৰে আকৌ ধুলে। মোৰ গাটো বৰ পাতল। লাগিল, মনত খুব স্কুত্তি হল। মই স্বৰ্গত নে পৃথিবীত পাহৰি গলে।। মোৰ লগৰীয়া বন্ধুবৰ বেমাৰী হলেও সাগৰৰ পানীৰে গা ধুই তেৱে বৰ লঘু পালে।
- সমুদ্ৰৰ পানী আৰু বতাহৰ বৰ গুণ। কলিকতাত পাকোতে মোৰ বন্ধুৰ
গত ভালেমান দিনৰ পৰা জুৰ আছিল। তেওঁৰ একোকে পাবলৈ ৰুচি নজন্মিছিল। কিন্তু সমুদ্ৰৰ পানীৰে গা ধুই, সমুদ্ৰৰ জুৰ বা লই, তেওঁৰ অলপো জ্বৰ নোহোৱা হল, সুস্থ মানুহৰ দৰে তেওঁৰ খোৱা বস্তুত ৰুচি হল। তেওঁ নিৰোগীৰ দৰে বৰ ৰঙ্গত আছিল। সাশ্বৰত যোৱাৰ এটা প্ৰধান গুণ এই যে যিহকে খোৱা যায়, সেয়ে ততালিকে জণি যায়; আৰু বেগাই তোক লাগে। ১৪ মাৰ্চ ১৮৯৩। আজি ৰাতি পুৱা এটা “লাইট-হাউচ” দেখা গৈছিল। সমুদ্ৰ কেতিয়াও স্থিৰ নহয়। সদাই সমুদ্ৰ ঢৌ থাকে, সদাই জাহাজ হেলি হেন্দুলি গৈ থাকে। সাগৰত বৰকৈ বতাহ বলে পতাকাৰ ঢৌবিলাকে ভয়ঙ্কৰ ৰূপে গজ্জিবলৈ ধৰে। সেই ঢৌৰ আখতত জাহাজৰ হেন্দোলনি ইমান বেচি হয় যে যাত্ৰীসকলৰ মূৰ ঘূৰি যায়। অনেক যাত্ৰী অচেতনৰ নিচিনা হৈ কেব। দিনলৈকে পৰি থাকে, একোকে খাব নোৱাৰে। অনেকে আকৌ হোলোকে হোলোকে বাঁতিয়াবলৈ ধৰে। সমুদ্ৰযাত্ৰীসকলৰ এনেকুৱা অৱস্থাকে (sea- sickness ) বা “সাগৰ-ব্যাধি বোলে। এই ‘চি- চিনে” হলে, শুনিছোঁ, ১০/১৫ দিনলৈকে অনেক যাত্ৰী অচেতন হৈ পৰি থাকে। সমুদ্ৰত যাওতে জুলীয়া বস্তুতকৈ টান বস্তু সৰহকৈ খাব লাগে, আৰু জাহাজখনৰ তলিলৈ বৰকৈ চাব নেলাগে। সমুদ্ৰ চাব খুজিলে বহুত দূৰলৈ দৃষ্টি নিক্ষেপ কৰিব লাগে। আমাৰ “চি-চিনে হয় বুলি বৰ ভয়ে ভয়ে আছে। কিন্তু আজিলৈকে সেই নৰিয়া ওচৰ চাপিব পৰা নাই। তাহানি কিতাপত পঢ়িছিলোঁ, আৰু লোকৰ মুখত জানিব পাৰিছিলো, বোলে, সাগৰত এবিধ পাখি-লগা মাছ আছে। এই মাছ সাগৰত উড়ি ফুৰে। ঈশ্বৰ সৃষ্টিৰ ইও এক আশ্চৰ্য বস্তু। আমি এই উড়নীয়া মাছ ( flying-fish ) ৭২