পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। লাহে লাহে সন্ধিয়া আহিল। সাগৰৰ বুকুত বেলি মাৰ যাবলৈ ধৰিছে। মেঘৰ সুৰুঙাই দি সোণোৱালী কিৰণ আহি সাগৰত পৰিছে। সাগৰৰ ঢৌবিলাকে কঢ়া-আজোৰা লগাই সেই কিৰণমালাক খণ্ড খণ্ড কৰি কোনোবা দেশ পোৱাইছে গৈ। এতিয়াৰ এই মনোহৰ দৃশ্য দেখি বোধ হল, যেন নীল-সাগৰৰ গাত কোনোবাই সোণৰ ৰেণুহে চতিয়াই দিলেহি। ৰাতি ডেকৰ ওপৰত জুৰ লবলৈ বৰ ভাল। সমুদ্ৰৰ বা পাই গা বৰ জুৰ লাগে। আমি দুই বন্ধুয়ে ভালেমান বেলি সাগৰৰ শীতল সমীৰণ উপভোগ কৰি, শেহত নিজৰ খোটালিলৈ আহি শয়ন কৰিলোঁ। | সমুদ্ৰত ৰাতি লঙ্গৰ পেলাই জাহাজ ৰাখিব নোৱাৰি। ৰাতিয়ে দিনে জাহাজ অবিশ্ৰাম গৈ থাকে। সমুদ্ৰগামী জাহাজ-বিলাকত পাল তৰিবৰ দিহা আছে। কলৰ জোৰ আৰু পালৰ সাহায্যত জাহাজ চলে। বতাহ অনুকূল হলে পালবোৰ তৰি দিয়া হয়, আৰু প্ৰতিকুল হলে পালবোৰ সামৰি থোৱা হয়। আমাৰ জাহাজত এতিয়া পাল তৰি দিয়া নাই, অকল কলৰ জোৰত চলিব লাগিছে। | ১৩ মাৰ্চ ১৮৯৩। অকূল সমুদ্ৰ। যেনিয়ে চাই পঠিয়াওঁ কেৱল পানী,-ঘোৰ নীল বৰণীয়া পানী, দেখিলে প্ৰথমে ভয়লাগে। কালি সাগৰৰ পানী অলপ নীল বৰনীয়া দেখিছিলোঁ; কিন্তু আজিৰ পানী ঘোৰ কৃষ্ণবৰ্ণ, মহীৰ নিচিনা। সঁচাকৈয়ে আমাৰ মানুহে সাগৰক “কলীয়া পানী’ বোলে। কেনিও চৰাই এটিৰ মাত নুশুনা হলোঁ। সমুদ্ৰত সূৰ্যোদয় চাবলৈ বৰ ভাল। আজি আকাশত ডাৱৰ থকা বাবে সূৰ্যদেৱতাৰ মুখ দৰ্শন নঘটিল। | সাগৰৰ পানী লুণীয়া। এই পানী পিব নোৱাৰি। যাত্ৰীসকলৰ ব্যৱহাৰৰ নিমিত্তে নিকা পানী জাহাজত কলিকতাৰ পৰা অনা হৈছে। সাগৰৰ পানীৰে গা ধুলে গা বৰ লঘু আৰু ভাল লাগে। কোনো কোনো ইংৰাজ বেজে কয় বোলে এই পানীৰে গা ধুলে ছালৰ ব্যাধি (skin-disease) অনেক পৰিমাণে ভাল হয়। প্ৰথম শ্ৰেনীৰ যাত্ৰীসকলৰ নিমিত্তে বেলেগ গা-ধোৱা ঘৰ আছে। ৰাতি পূৱা এই গা-ধোৱা ঘৰৰ দুৱাৰমুখত চাহাববিলাকে স্পঞ্জ আৰু গামোছ। লৈ গা ধুবলৈ বাট চাই থাকে। এজনে গা ধুই ওলাই আহিলেই তেহে সতৰাই সোমাব পাৰি। আমি খুব পুৱাতে আন লগৰীয়া যাত্ৰীসকল নৌ উঠেতেই গা ধুবলৈ গলোঁ। গা ধোৱা ঘৰত কল লগোৱা আছে। কলৰ পেঁচ খুলি দিয়া মাত্ৰকে গা-ধোৱা