অসমীয়া সাহিত্যৰ চানেকি। | ১১ মাৰ্চ ১৮৯৩। ব্ৰিটিচ-ইণ্ডিয়া-ষ্টী-নেভিগেশন কোম্পানীৰ জাহাজে সপ্তাহত দুবাৰ কলিকতাৰ পৰা ৰেনলৈ ডাক অন নিয়া কৰে। প্ৰতি শনিবাৰে আৰু মঙ্গলবাৰে এই জাহাজ কলিকতাৰ পৰা যায়। আজি শনিবাৰে ৰাতি পূৱা ১১ বজাত “পালিটানা” জাহাজ ( S. S. Palitana) ডাক লৈ ৰেনলৈ যাব। কলিকতাৰ মেকিননৰ ঘাটত পালিটানাই ধোৱা উগাৰিব লাগিছে। আমাৰ লগত যোৱা বন্ধু বান্ধৱ সকলে আমাক জাহাজত তুলি দি বিদায় ললে। ১১ টা বজাত জাহাজে লঙ্গৰ তুলি লাহে লাহে ভাগীৰৰ্থীৰ বুকত চলিবলৈ ধৰিলে। কলিকতাৰ সুন্দৰ ঘৰ-বাড়ী ক্ৰমে এৰি আহিলো। শিবপুৰৰ ইঞ্জিনিয়াৰিং কলেজ জাহাজৰ পৰা দেখি ভাল লাগিল। ১ টা বাজাত জাহাজ অলপ পৰ ৰল। টিফিনৰ ঘণ্টাত কোব পৰিল। খানা খোৱা টেবিলৰ দুয়ে কাষে আহি চাহাব মেমবোৰ গিৰ গিৰ কৰে বহিলহি। টিফিন খোৱা হলত জাহাজ আকৌ চলিবলৈ ধৰিলে। গধূলি ডায়মণ্ডহাৰবাৰৰ আগত জাহাজে লঙ্গৰ কৰিলে। জাহাজত ইলেকটি ক লাইট বা বিজুলীৰ পোহৰ আছে। এতিয়া সেইবোৰ আপোন। আপুনি জলি উঠিল। তাৰ পাছত ডিনাৰৰ ঘণ্টাত কোব পৰিল। এই ডিনাৰ চাহাব- বিলাকৰ প্ৰধান খোৱ।। চাহাব আৰু মেমবিলাকে সুন্দৰকৈ মূৰ আঁচুৰি, ভাল নিকা কাপোৰ পিন্ধি, খানা খাবলৈ বহিল। কাঁটা চামমাচৰ কটাক শব্দ, বিলাতী পানীৰ ধুমধুমনি খুব শুনা গল। চাহাববোৰৰ গিলাচবোৰ পৰ্ট, ক্লেৰেট, চেম্পেন প্ৰভৃতিৰ নিমিত্তে নানা বৰণীয়া দেখা গল। আমাৰ খোটালিত মই আৰু মোৰ লগৰীয়া বন্ধুৰ বাহিৰে আৰু কোনো যাত্ৰী নাছিল। ৰাতি আঠ বজাৰ পাছত অলপ চাহ খাই চাকি নুমাই দুই বন্ধু শুই থাকিলোঁ। নিশা কোনো উনুকিয়াব লগীয়া ঘটনা হোৱা নাই। কালিলৈ সমুদ্ৰ ( Bay of Bengal ) পাম গৈ। | ১২ মাৰ্চ ১৮৯৩। | পুৱা।—পুৱা হাত মুখ ধুই ডেকৰ ওপৰত ফুৰিবলৈ গলো। এজন চাহাবে ৰেলিঙতে আউজি ভাগীৰথাৰ ঢউ ধেমালী চাই আছে। নৈৰপৰা জুৰ ৰায়ু লাহে লাহে বলি আমাৰ শৰীৰ শীতল কৰি গৈছে, পুৱাৰ বতাহ যে কিমান জুৰ আৰু মনোম তাক অনুভব কৰিব পাৰি, বৰ্ণাব নোৱাৰি। এবাৰ এজন অধ্যাপকে পঢ়াওঁতে কৈছিল “পুৱাৰ শীতল সমীৰণ উপভোগ কৰাঁ। ই মোৰ এশ বক্তৃতাতকৈও, বহুমূলীয়া।” তেওঁৰ কথাৰ বেচ মৰ্ম্ম এতিয়া বুজিব পাৰিছোঁ।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২২৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই