আনন্দ চন্দ্ৰ আগৰৱালা। ---= =- ব্ৰহ্মযাত্ৰীৰ ডায়েৰী। ভালেমান দিনৰ পৰা ব্ৰহ্মদেশ চাৰ হেঁপাহ আছিল। অসমৰ বুৰঞ্জীয়ে সৈতে ব্ৰহ্মদেশৰ বৰ সম্বন্ধ আছে। যি কুক্ষণত প্ৰথমে ব্ৰহ্মদেশৰ মানুহে অসমত ভৰিৰ ধূলা পেলালেহি, সেই মূহুৰ্ত্তৰ পৰাই অসমত শনিৰ উদয় হল, অসমৰ ভাগ্য- লক্ষী চঞ্চলা হল। শেষ ইয়াণ্ডাবুৰ সন্ধিত, অত্যাচাৰী মানহঁতৰ হাতৰ পৰা আমাৰ দেশ পৰমেশ্বৰৰ কৃপাত দয়ালু প্ৰজাৰঞ্জন ইংৰাজ গবৰ্ণমেণ্টৰ হাতলৈ আহে, আৰু চুকাফা ৰজাৰ বংশধৰ সকলৰ ৰাজত্বৰ অন্ত পৰে। যি মানুহ অসমত ওপজে, অসমীয়া গাঁওত অসমীয়া আইৰ কোলাত ডাঙ্গৰ হয়, তাৰ স্বভাবতঃ ব্ৰহ্মদেশ চাবলৈ এটা হেঁপাহ হয়। অসমীয়াই কেচুৱাৰ পৰা মাক বাপেকক মুখে দি “মন অনা ফুকনৰ কথা পিজৌ গাভৰু, ৰাজমাও দেৱতা, ৰূপচিং, মিঙ্গিমাহা তিলোৱা, বন্দুল আৰু গাঁৱৰ জাঁকি ইত্যাদিৰ কথা শুনি শুনি ডাঙ্গৰ হয়। কেচুৱা লৰাই কান্দিলে মাকে “মান আহিছে” বুলি নিচুকায়। মানৰ অত্যাচাৰৰ কথা শুনি অসমীয়া লৰাৰ অন্তৰত সৰুৰে পৰা প্ৰতিহিংসাৰ জুই। ধোঁৱাবলৈ ধৰে, আৰু যি মানৰ ভয়ত কিছুমান বছৰৰ পূৰ্বে স্নেহময়ী মাকে নিজৰ কোলাৰ সন্তানক দলিমাৰি পেলাই প্ৰাণ লৈ পলাইছিল, তেনেকুৱা ভয়ঙ্কৰ মানক চাবলৈ মন বৰ উত্ৰাৱল হয়। এতিয়া মানৰ দেশ ইংৰাজৰ কৰতলীয়া হৈছে। মান দেশত ইংৰাজৰ ৰেল জাহাজ চলিছে আৰু বিজুলী-ডাকৰ ভঁৰ হৈছে। মানৰ লৰাই বিশ্ববিদ্যালয়ৰ পৰীক্ষাত উঠি সুশিক্ষিত আৰু জ্ঞানী হৈছে আৰু বিলাত আমেৰিকা প্ৰভৃতি ঠাইত বিদ্যাৰ মহলা দি আহিছে। আমাৰ দেশতকৈ ব্ৰহ্মদেশৰ শাসন প্ৰণালীও অনেক উন্নত হৈছে। শান্তি আৰু সুশাসন লাহে লাহে বিস্তৃত হৈছে। মানদেশ চাবলৈ বৰ হেঁপাহ আছিল। ঈশ্বৰৰ কৃপাত সুযোগে পালোঁ। গোটেইখন মানদেশ চাব নোৱাৰিলেও মানদেশ চোৱাৰ নাম কৰি আহিলোঁ। আমাৰ দেশৰ পুৰণি- কলীয়া মানুহে ব্ৰহ্মদেশক মানদেশ আৰু চীনদেশক খেহদেশ বোলে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২২৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই