পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬১
কাকূতি

 নিচেই কোমল লতা,
 নাজানে একোকে কথা,
কেবল মাথোন জানে মৰম কৰিব,
ৰদৰ তাপত মোক আবৰি ধৰিব।

 নেজানে কি সুখ দুখ,
 সদাই হাঁহিৰে মুখ,
নিতৌ নিতৌ দেবী ন ফুল ফুলাই,
ৰাখিছে মনক মোৰ দুখ পাহৰাই;
 আৰু মোত কথা নাই,
 এটি সুখ-স্বপ্ন পাই,
ধায়েঁ ধৰা লৰাৰ নিচিনা শুদা হাঁহিছোঁ,
নজগাব দেবি মোক হাত জুৰি মাতিছে।

এতিয়াও লাগে মিঠা তোমাৰ হাঁহিটি,
দেখিলে তোমাক বাজে প্ৰেমৰ বাঁহীটি,
 কিন্তু মোৰ লাগে ভয়,
 জানো পাছে পৰে জঁয়,
লতাজুপি মোৰ দেবি ঢেৰেকনি শুনি,
সিতে হাঁয় শুনা নাই মেঘৰ গাজনি।
 যদি হে স্বৰগ লাগি,
 যাওঁ অকস্মাৎ ভাগি,
লতাজুপি আৰু মোৰ কোনে ডাঙি ধৰিব,
আলৈ আনি হৈ লগতেই পৰিব।
 তাতেহে বিজুলী মই
 যদিও প্ৰাণে নলয়,
কাবৌ কৰিছে৷ দেবি নোলাবা নোলাবা,
আকৌ বেকাই চকু মোলৈ নেচাবা।