পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৯
কাকূটি

স্বৰ্গৰ জেউতি দেখি ৰাজহাঁহ জুৰি,
প্ৰেমৰ আলচ ভুলি গৈ,
চিত্ৰৰ পুতলি হেন আছে থৰ লাগি
ইটিয়ে সিটিক চাই ৰৈ।
আকৌ ঘুমতি তেজি নিজম চেতনা,
লাহে লাহে সজাগ হইছে।
পাহৰা সুৰটি ঘূৰি বজাৰৰ গুণে,
বীণখনি হাতত লইছে।
বৰষাঁ অনন্তকাল জ্ঞানৰ পোহৰ,
জ্যোতিৰ্ম্ময়ী জোনাকী সবিতা।
বজোৱাঁ অনন্তকাল পঞ্চমত তুলি,
বীণাপাণী কোমল কবিতা।

কাকূতি।

কাবৌ কৰিছোঁ দেবী নোলাবাঁ নোলাবাঁ,
আকৌ বেকাই চকু মোলৈ নেচাবাঁ।
আছেনে মনত দেবী তাহানিৰ কথা,
মেঘৰ বুকুত দেখি তোমাৰ ই লতা,
 ৰূপত বলিয়া হৈ,
 সকলোকে কাতি কৈ,
 ৰূপহ জেউতি ঢালি,
 এটিবাৰ হাঁহা বুলি,
কাবৌ কোকালি কৰি কিমান মাতিলোঁ।
নাপাই তোমাক দেখা কিমান কান্দিলে।।
 চাপৰিত ঠিয় হৈ,
 বতৰত খং থৈ,
আম পুলিটিৰ দৰে কত কাল খপিলোঁ;