এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৮
অসমীয়া সাহিত্যৰ চানেকি।
কোনোবা দেশৰ পৰা ধীৰ সোত বলি
আহিছে এখনি জুৰ নৈ।
ৰিণিকি ৰিণিকি এটি নিৰৱ কৱিতা,
বাজিছে বুকুত ৰৈ ৰৈ।
জোনাক জোনাক বুলি জীৱন বিচাৰি
আন্ধাৰত প্ৰকৃতি আতুৰ।
জোনাক জীৱন খুজি ওপঙি ফুৰিছে
নিফুট আকুল এটি সুৰ।
কাতৰ সুৰত পমি নিয়ম বিহোঁতা,
প্ৰকৃতিৰ প্ৰবোধি মনক।
দিবলৈ মনে মনে জোনাক জাননী,
পাচিছে পুৱাৰ বতাহক।
স্বৰ্গৰ বাতৰি পাই অপেক্ষি জোনাক
প্ৰকৃতিৰ উত্ৰাৱল চিত।
বলিছে শীতল বায়ু, নাচিছে লতাই,
ফুলকলি হাঁহিছে থুপিত।
দুটিমান জোনাকৰ সোণাৱালী ৰেখ
লাহে লাহে ভৈয়াম নামিছে।
সৃষ্টি পাতনিৰ সেই জীৱন্ত ছবিটি,
ঘূৰি আঁহি ভুমুকি মাৰিছে।
লোকালোক সাগৰত উটি বুৰি ফুৰা
জীৱনৰ পৱিত্ৰ ভাবটি।
আধা আলো আধা ছাত ফুলোঁ ফুলোঁ কৰি,
প্ৰকৃতিক ধৰিছে সাবটি।
জিলিঙনি এটি আহি পদুম বনত
স্বৰগৰ ৰহণ ঢালিছে;
অকলসৰীয়া দুটি পদুম কলিয়ে,
চুমা খাই হালিছে-জালিছে।