পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫৭
খুৱা

চিৰকাল কি হে,  থাকিবা কেচুৱা,
 জাতিৰ উদ্ভৱ আপুনি হয়।
ফাহা ফুহা কৰা,  কেঁকনি গোঠনি,
 হাবিয়ে লুকুৱা কীটানুচয়।
ইসবৰ পৰা   গুচে কি হে দুখ,
 জাতিৰ উদ্ভৱ আপুনি হয়।
আছে যদি বোধ,   দুখ অপমান,
 উঠাঁ কাতি কৰি সকলো ভয়।
যুজি প্ৰাণপণে,  হৰুৱাঁ দুখক,
 জাতিৰ উদ্ভৱ আপুনি হয়।
নালাগে সহায়,  দেৱ বা দৈত্যৰ,
 ভজাঁ সকলোৱে নিজ সহায়,
ইচ্ছা, সাহ হলে  সকলোৱে হয়,
 জাতিৰ উদ্ভৱ আপুনি হয়।
ভাৰত সন্তান,  উঠাঁ ধৰাঁ কামে
 উত্তৰি পথৰ যত অপায়।
চোৱাঁ পূব ফালে  পুৱাৰ কিৰণ,
 জাতিৰ উদ্ভৱ আপুনি হয়

পুৱা।

গহীন পুৱতী নিশা,  নিতাল জগত,
 কতো নাই জোনাকৰ চিন।
নিমাত বিশ্বৰ বাঁহী,  নিজম চেতনা,
 সুৰভুলা জীৱনৰ বীণ।
জীৱনৰ যুজ এৰি,  কাম কৰ্ম্মী দুয়ো
 শতাঁইছে যুজৰ ভাগৰ।
বিয়াপি অসীম বিশ্ব   আন্ধাৰ এলাহ,
 গতিহীন স্থিতি জগতৰ।