পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৯
মেঘ


তেও মোৰ মন ,  কিয় অচেতন,
  আছয় কেৱল চিৰ নিদ্ৰিত?
ই পোনে সি পোনে,   চাওঁ যেই পোনে,
  পৰুৱা পিপৰা পৰাণী গণ।
সবে কাৰ্য্যে ৰত,   আছয় জাগ্ৰত,
  কিয়নো নাজাগে আমাৰ মন?

মেঘ।

কি ভাবি হে মেঘ আজি শ্বেত কলেবৰ,
শ্বেত যেন তুলা ৰাশি,
কিম্বা বৰফৰ ৰাশি,
অতিক্ষুদ্ৰ আয়তনে, সুদূৰ অম্বৰে,
হইলা উদয় কোৱা কিভাবি অন্তৰে।

কোমলতা পূৰ্ণ দেহ; ধবল বৰণ;
কিঞ্চিতো নাহিক দাগ,
কেবল সুশ্বেত বাগ,
নাহি পাপ লেশ দেহে সুপবিত্ৰ মন;
আকাশৰ এক কোনে দিছা দৰশন।

কৃষ্ণবক্ষে জ্বলে যেন স্ফটিকৰ মণি
কিম্বা শ্যাম দুৰ্ব্বাদলে,
যথা জল বিন্দুজলে,
ছায়াবৃত জলে যেন শোভে কমলিনী,
বিস্তীৰ্ণ সমুদ্ৰে কিম্বা ধবল তৰণী।
সিৰূপে তুমিও সেই বিস্তীৰ্ণ গগণে,
ৰজতৰে দেহ সাজি,
শোভিছা হে মেঘ আজি,