পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫১
কাকো আৰু হিয়া নিবিলাওঁ।

ভোমোৰাটো লৰি আহে,
জানো পিছে ফুটে পাহে,
 দিওঁ তাক দূৰেতে খেদাই,
বুকত সাবটি লওঁ,
কত কিযে কথা কওঁ;
 জানে তাক নজনা জনাই।

(৬)

দিনৰ দিনটো হাঁহি
আগ্নেয় কুসুম পাহি,
 ঢালে দেহ জুৰণি খাটত,
মোৰ ফুল দুটি হাঁয়,
এৰি মোক সৰি যায়,
 জ্বালি জুই বুকুৰ মাজত,
কত হিয়া ধাকুৰাওঁ,
কত জুমি জুমি চাওঁ,
 তেও তাক উভতি নাপাওঁ,
অনেক বিচাৰি চালোঁ,
নেপায় শপত খালোঁ,
 কাকো আৰু হিয়া নিবিলাওঁ।

(৭)

চকুত পলক নাই,
বহি থাকোঁ কিবা চাই,
 মাজে মাজে মুখে বোলাঁ “হায়”
হৃদয়ৰ তলা ফুটি,
হুমুনিয়া এটি উঠি
 লাহে লাহে হামিত মিলায়,
শূণ্য মনে, কলা মুখে
দেখোঁ আকাশৰ বুকে,
 তৰা দুটি হাঁহে মোক চাই,