পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪৮
অসমীয়া সাহিত্যৰ চানেকি।

কাকো আৰু হিয়া নিবিলাওঁ।

(১)

সকলোৰে মুখে শুনে
তাতে বহি বহি গুণে,
 মানুহে সচাঁনে ভাল পায়?
কত ভাবোঁ কত পাওঁ,
কত ভাব হেৰুৱাও,
 একো তাৰ অৱধিকে নাই।

(২)

এদিন ভাবিলোঁ মনে,
লম্ তত যেনেতেনে,
 ভালপোৱা আছে কি জগতে,
এনে ভাবি এজনক।
সঁপি দিলোঁ হৃদয়ক,
 গাঁথি প্ৰাণ এডালি দোলতে।

এদিন দুদিন গল,
ক্ৰমে তিন দিন হল,
 তথাপিও সি মুখকে চাওঁ;
যতকে সি মুখ চাওঁ,
তত ন ন ৰস পাওঁ,
 তত সুখে শৰীৰ বুৰাওঁ।

সি মুখকে আগে থই,
কল্পনা লেখনী লই,
 আকোঁ-ছবি হৃদয় ফলিত,
জানো পাছে মছি যায়,
ভাবি ঘনে ঘনে চাই,
 লুকুৱাওঁ বুকৰ তলিত।