মধুৰ সুঘ্ৰাণ কৰি সবে দান,
বহিছে ধীৰি ধীৰি প্ৰভঞ্জন।
সবেও জাগ্ৰত নিজ কাৰ্য্যে ৰত
কিয়নো নাজাগে আমাৰ মন॥
ক্ৰমে ভানুকৰ, হইছে প্ৰখৰ,
ক্ৰমেই ধৰণী উত্তপ্ত অতি।
গল ছায়া তলে, জীৱ দলে দলে,
প্ৰচণ্ড কিৰণে সভয় মতি॥
পুৱা একভাব, এবে আন ভাব,
কালে ঘটে সদা পৰিবৰ্ত্তন॥
কিয় পৰিবৰ্ত্ত, নাই ই মনত,
কিয়নো নাজাগে আমাৰ মন?
আছে ৰবিকৰে, জগত পোহৰে,
পুনঃ পৰিবৰ্ত্ত কৰিছে মেঘে।
বিশ্ব অন্ধকাৰ, নৃত্য চপলাৰ,
গৰজনে জীৱ বিস্ময় দেখে॥
ক্ষণে পুনৰ্ব্বাৰ, যায় বৃষ্টি ধাৰ,
আতৰায় মেঘ, স্থিৰ গগণ।
কত পৰিবৰ্ত্ত, ঘটে নিমিষত;
কিয়নো নাজাগে আমাৰ মন?
গল দিনমণি, আহিল ৰজনী,
ফুটিল অম্বৰে নক্ষত্ৰ মালা।
কৰি মধু হাঁসি, উদিলেক শশী;
যত নিশাচৰ হৰ্ষে উতলা।
শ্ৰমকৰি দিনে এবে হৰ্ষ মনে,
লভিছে বিশ্ৰাম মানব গণ।
শ্ৰম কৰা দূৰ, চিৰ নিদ্ৰাতুৰ,
কিয়নো নাজাগে আমাৰ মন?
দিন, ৰাতি, যায় সূৰ্য্য চন্দ্ৰ ধায়;
পক্ষ মাস বৰ্ষ কত অতীত।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৮
অসমীয়া সাহিত্যৰ চানেকী।