পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪৪
অসমীয়া সাহিত্যৰ চানেকি।

যি যি বস্তু দিছোঁ প্ৰভু ভাবি মোৰ হিত,
কদাচিতত যেন তাত নহওঁ গৰ্ব্বিত;
নিদিছা যি বস্তু যেন তাতো দয়াময়,
নহয় কদাপি অসন্তোষৰ উদয়।

শিকোৱাঁ পৰৰ দুখ ভাবোঁ আপোনাৰ,
দেখিলেও পৰ দোষ নকৰোঁ প্ৰচাৰ;
দয়াময় যি দয়া বিহিছা মোৰ প্ৰতি,
দেখাওঁ অন্যকো যেন তাকে দিয়া মতি।

যদিও অধম মই নহওঁ তিমান,
কিয়নো তুমিয়ে প্ৰভু দিছোঁ এই প্ৰাণ;
চলোৱাহে দয়াময় তোমাৰ অধীনে,
জীৱন মৃত্যুৰ মুখে যাওঁ যেই পোনে।

যি আছে ই জগত সকলোৱে থ'ক,
কেৱল আজিৰ প্ৰভু অন্ন শান্তি হক ,
ভাল বেয়া দিয়া জানে তোমাৰ চৰণ,
তোমাৰ ইচ্ছাই যেন হয় সম্পূৰণ।

সকলো ভুবন প্ৰভু তোমাৰ ভৱন,
সাগৰ পৃথিবী শূণ্য পৱিত্ৰ আসন;
সকলো প্ৰাণীয়ে যেন এক গীত গাই,
প্ৰকৃতিও পূজে যেন ধূনা উৰুৱাই।

|

বিজুলী।

জগতক হাঁহিৰে বুৰাই,
মন প্ৰাণ নয়ন জুৰাই,
স্বৰগৰ শোভা দেখুৱাই,
চক্‌মক্‌ চিক্‌মিক্ কৰি,
জীৱৰ জীৱনি তেজ হৰি,