এই যুগৰ প্ৰধান লেখক সকলৰ কথা মই যি পাৰোঁ অলপ কলোঁ। এতিয়া এই যুগতনো আজিলৈকে কি কি সাৰুৱা কিতাপ ওলাইছে, তাৰ কথা এবাৰ ভাবি চোৱা যাওক। আপোনালোকৰ আগত কৈ আহিছে যে অসমীয়া ভাষাৰ সলনি অসম দেশত বাঙ্গালী ভাষা চলোৱাৰে পৰা আকৌ ঘূৰি অসমীয়া ভাষাক আগৰ ঠাইত থপালৈকে, খ্ৰীষ্টিয়ান মিচনেৰি সকলেই যি এখন দুখন কিতাপ উলিয়াইছিল, তাৰ পিচভাগত দেশীয় যি দুজন এজন ডাঙ্গৰীয়াই অসমীয়া ভাষাৰ প্ৰতি কৃপা দৃষ্টি কৰিছিল, তেওঁবিলাকৰ কাল অসমীয়া ভাষাক আগৰ ঠাইত বহুৱাবলৈ যুজ কৰোঁতেই গল। তেনে একো ভাল কিতাপ ওলাবলৈ নেপালে। তাৰ পিছত যেতিয়া অসমীয়া ভাষা পুনৰ অসমৰ আদালত আৰু পঢ়াশালিত চলিবৰ হুকুম হল, তেতিয়াৰ পৰা অসমীয়া ভাষাত বহুত ভাল ভাল কিতাপ ওলাব লাগিছিল। কিন্তু দুখৰ বিষয় আপোনাসকলৰ আগত নাম কৰিব লগীয়া অতিকম কিতাপহে ওলাইছে। শ্ৰীযুক্ত ৰায় গুণাভিৰাম বাহাদুৰৰ “আসাম বুৰঞ্জী” আৰু ডাঙ্গৰীয়া হেমচন্দ্ৰ বৰুৱাৰ “অসমীয়া ভাষাৰ ব্যাকৰণ” এই দুখন কিতাপ বাদ দি ধৰিলে original সাহিত্যৰ ঘৰত কিজানি শূণ্যহে দিব লাগিব। অৱশ্যে স্কুলীয়া ছাতৰৰ নিমিত্তে অনেক শলাগিব লগীয়া কিতাপ ওলাইছে কিন্তু এইবোৰ কিতাপে জাতীয় সাহিত্যক কিমান চহকী কৰিছে তাকহে কব নোৱাৰোঁ। এতিয়ালৈকে তেনে একো ভাল কিতাপ নোলালেও, এটা কথা দেখি আমি পেটে সৈতে বৰ ৰঙ্গ পাইছোঁ, যে আজি কালি অসমীয়া ভাষাই এটা ঠগ লব খুজিছে। আৰু শিক্ষিত ডেকা সকলে অসমীয়া ভাষাৰ ফাললৈ সদয় দৃষ্টি কৰিছে। এই ডেকা সকলৰ অনেক কালত ভাল লেখক হবগৈ পাৰিব বুলি আমাৰ বৰ আশা হৈছে। অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নতিৰ নিমিত্তে, এই দুইটি বৰ লাগতিয়াল বস্তু। জগদীশ্বৰে আমাৰ আশা সফল কৰক।
⸻
স্তুতি।
সকলোৰে পিতা তুমি, তুমি বিশ্বময়,
সকলে দেশতে পূজ্য সকলো সময়,
কি জ্ঞানী, অজ্ঞানী, সাধু সকলোৱে সমে
পূজিছে ‘যিহোৱা’ ‘প্ৰভু’ আদি নামে।