গোটেইখন দেশত দুটা আছেনে নাই সন্দেহ। আন আন সাহিত্যলৈ চকু দিলে দেখা যায়, সাহিত্য আৰু ভাষাৰ গুৰিয়ালৰ নিচিনা হবলৈ মানুহে অসংখ্য কিতাপ পুথি লেখিব লাগে। কিন্তু হেমচন্দ্ৰ বৰুৱাই নিচেই তাকৰ পুথি লেখিও অসমীয়া ভাষাৰ গুৰিয়ালৰ নিচিনা। তেওঁৰ “কানীয়াৰ কীৰ্ত্তন” অসমৰ কানী খোলাৰ এখনি ফটফটীয়া চিত্ৰ, “বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী” অসম সমাজৰ ভিতৰ ভাগ কেনে পচা আৰু ঘিনলগা তাৰ প্ৰকৃত বুৰঞ্জী। হেমচন্দ্ৰ বৰুৱাৰ “কানীয়াৰ কীৰ্ত্তন” আৰু “কোৱা ভাতুৰী” নপঢ়া অসমীয়া মানুহ বোধকৰোঁ নিচেই কমহে আছে, আৰু কিতাপ দুখনিৰ পৰা সদাই যেন ৰস টোপাটোপে পৰিব লাগিছে, যতবাৰ পঢ়া কেতিয়াও আমনি নেলাগে। তেওঁ স্কুলীয়া ছাতৰৰ নিমিত্তে কেবা খনিও পুথি লেখি গবৰ্ণমেণ্টৰ পৰা বটা পাইছে। কিন্তু তেওঁ লেখা সকলে কিতাপৰ ভিতৰত তেওঁৰ “অসমীয়া ভাষাৰ ব্যাকৰণেই” ৰজা। অসমীয়া ভাষাত আজিলৈকে যত ব্যাকৰণ ওলাইছে, তাৰ ভিতৰত এই ব্যাকৰণেই আচল ব্যাকৰণ নামৰ যোগ্য। এই ব্যাকৰণখনিৰ পৰাই অনেকেই হেমচন্দ্ৰ বৰুৱাক অসমীয়া ভাষাৰ ওজা বুলি ভাবে। মোৰ মনেৰে হলে তেওঁ সম্পাদন কৰা “আসাম নিউচে” অসমীয়া ভাষাৰ নিমিত্তে যিমান কৰিলে, তেওঁ লিখা এখনি কিতাপেও সিমান কৰিব পৰা নাই। যেতিয়া প্ৰথমে ‘আসাম নিউচ’ ওলল, তাৰ ভাষা দেখি মানুহে অনেক ইতিকিং কৰিছিল : অনেক দোষ ধৰিছিল, বোলে, কি ভাত খোৱা, মাছ খোৱা ভাষাৰে বাতৰি কাকত লেখে? তাৰ মূৰত থকা “সাতদিনীয়া কাকত” এই ফাকিতো দেখি অনেক ঠাট্টা কৰি কৈছিল বোলে “কাকত” নেলেখি “তুলাপাত” লেখিলে আৰু আচল অসমীয়া হব। কিন্তু গালি শপনি খাই “আসাম নিউচৰে” শেষত জয় হল। অশলাগী অসমীয়া মানুহৰ অনুগ্ৰহত “আসাম নিউচ” মৰিশালি পালে। “আসাম নিউচে” যি ভাষা শিকাই গল, আজি কালি অসমীয়া গদ্য ভাষাই তাকেহে আওৰাইছে। শ্ৰীযুক্ত হেমচন্দ্ৰ বৰুৱাই “শব্দকোষ' নাম দি অসমীয়া ভাষাৰ যিখন অভিধান লেখিছে, সি কেতিয়াবা দিনৰ পোহৰলৈ ওলালে আমি আৰু অভিধানৰ নিমিত্তে চিয়ঁৰ বাখৰ কৰিব নলগা হব। ডাঙ্গৰীয়া হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা দুই জনেই বুঢ়া হৈছেহি। জগদীশ্বৰৰ ওচৰত অন্তৰে সৈতে কামনা কৰিছোঁ, যেন দুয়োজন ডাঙ্গৰীয়া আৰু অনেক কাল সুস্থ শৰীৰে থাকি, জাতীয় সাহিত্য পূৰঠ কৰিব পাৰে। তৃতীয় যুগৰ বিষয়ে আৰু এটা কথা কলেই অসমীয়া ভাষাৰ বুৰঞ্জীৰ বিয়য়ে মোৰ কব লগীয়া অন্ত পৰিব।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২০৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪১
অসমীয়া ভাষা।