পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩৮
অসমীয়া সাহিত্যৰ চানেকি।

কৰ্ণেল জেঙ্কিন্সনক ভেটি দিয়ে। জেঙ্কিন্সনে আকৌ তাকে শিৱসাগৰৰ মিচন্ চেচাইটিক দান কৰে।

 ৺যদুৰাম বৰুৱাৰ এই অভিধান খনিকে গড়িলা লৈহে পিছত ব্ৰন্সন্‌ চাহাবে অসমীয়া ভাষাৰ অভিধান খনি লেখে। ৺যদুৰাম বৰুৱাই লেখা পূৰা অভিধান খনি, কৰবাত পোৱা যায় নে নেযায় আমি এতিয়াও জানিব পৰা নাই। তথাপি সি যেতিয়া ছপা হৈ ওলোৱা নাছিল ইমান দিনৰ অপ্ৰতিপালত নষ্ট হোৱাই সম্ভৱ। এই অভিধান খনি ৺আনন্দৰাম ঢেঁকিয়াল ফুকনে দেখি কৈ গৈছে, বোলে ৺যদুৰাম ডেকা বৰুৱাৰ অভিধান খনি, এখনি বৰ ডাঙ্গৰ অভিধান। আৰু ইয়াত প্ৰায় এটাই বোৰ অসমীয়া শব্দই আছে। আখৰ যোটনি সম্বন্ধে সেই কালৰ অসমীয়া ভাষাৰ লেখক সকলে, কি চাহাব, কি দেশীয় সকলোৱে যদুৰাম বৰুৱাৰ আৰ্হি লৈছিল। ৺যদুৰাম বৰুৱাৰ মতে, আমি যিটো কথা যেনেকৈ উচ্চাৰণ কৰো, তাক লেখোঁতেও তেনেকৈ লেখিব লাগে। সেই বাবে তেওঁ এক উচ্চাৰণৰ আখৰ বিলাকৰ (যেনে শ, ষ, স, চ, ছ, জ, ঝ,) ভিতৰৰ এটা আখৰৰ মাথোন ব্যৱহাৰ কৰি ইবোৰ এৰি দিছিল। যথাৰ্থ কথা কবলৈ গলে, তেনে মতৰ বাবে ৺যদুৰাম বৰুৱা অলপো দোষী নহয়। আচলতে উচ্চাৰণলৈ চাই হে কথা লেখা উচিত। সেই বুলিয়েই পাৰিলে এটা শব্দৰ মূল হেৰাবলৈ দিব নেলাগে। আজিকালি আখৰ যোঁটাওতে শব্দৰ মূল আৰু উচ্চাৰণ দুইটা ৰাখিবলৈ চেষ্টা কৰা হৈছে। আৰু যত মূল ৰাখিলে উচ্চাৰণত বিশেষ ব্যাঘাত হয়, ততহে মূল এৰি দি ৺যদুৰাম বৰুৱাৰ আৰ্হিৰে কেৱল উচ্চাৰণকে মাথোন ৰখা হয়। ৺যদুৰাম ডেকা বৰুৱা অসমীয়া ভাষাৰ প্ৰতি জনচনৰ (Dr. Johnson) নিচিনা হলেও অসমীয়াৰ ভিতৰত কোনো বচৱেল (Baswell) নথকাত তেওঁৰ নাম অতি কম লোকেহে জানে। মই অতি দুখেৰে জনাও যে তেওঁ গোলাঘাটত এজন সকলোৱে জনাশুনা মুঞ্চিফ আছিল। ইয়াৰ বাহিৰে তেওঁৰ জীৱনী সম্বন্ধে আৰু একো নাজানো। যি যতন কৰি ৺যদুৰাম ডেকা বৰুৱাৰ জীৱনী বিষয়ে কথা বিলাক গোটাই প্ৰকাশ কৰে, তেওঁ যে সকলোৰে শলাগৰ পাত্ৰ হৰ তাক আৰু কবই নেলাগে। ৺আনন্দৰাম ঢেকিয়াল ফুকন ৺যদুৰাম ডেকা বৰুৱাৰ বাহিৰে আৰু দুজন অসমীয়া ডাঙ্গৰিয়াই অসমীয়া ভাষাৰ উন্নতিৰ অৰ্থে যথেষ্ট পৰিশ্ৰম কৰিছিল। এজন ৺ৰাধানাথ বৰ বৰুৱা, আনজন ৺কাশীনাথ তামুলি ফুকন। এই দুজনে গোট খাই ১৮৪৪ চনত অসম দেশৰ এখনি বুৰঞ্জী পুথি গোটাই প্ৰকাশ কৰিছিল। তেওঁবিলাকে আহোমৰ ভাষাত লেখা বুৰঞ্জীৰ পৰা বাইলুং আদিৰ সহায়ত এই পুথি খনি গোটাওঁতে তেওঁ