পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
কিয়নো নাজাগে আমাৰ মন?


মধুহাসি।

হাঁসা হাঁসা, শিশু, হাঁসা পুনৰ্ব্বাৰ,
তব মধু হাঁসি পৰণ আমাৰ।
জুড়ায়; পুনৰ খিলি খিলি কৰি
হাঁসা প্ৰিয় শিশু হাসা আৰু বাৰ।
মুক্তাপ্ৰায় তব ক্ষুদ্ৰ দন্ত কিটি
ৰক্ত ওষ্ঠ মাঝে কাৰ প্ৰদৰ্শন,
নীলাব্জবৰণ নেত্ৰ কোণ কুচি
দেখোৱা আমাক হসিত বদন।
কোনে কয় পদ্ম অতি শোভাকৰ?
গোলাপ কুসুম বৰণ অমল
শোভাময় কোনে কহয় থাকোতে
শিশুৰ সহাস্য বদন কমল?
কিবা দৃশ্য আছে হোৱে মনোহৰ
শিশুৰ হসিত বদন সমান?
যদি আছে বোলে, বোলোক অপৰে,
আমি কিন্তু ভাবি নাহি পাওঁ আন।
হাঁসা হাঁসা শিশু, হাঁসা পুনৰ্ব্বাৰ,
তব মধুহাঁসি পৰাণ আমাৰ,
জুড়ায়; পুনৰ খিলি খিলি কৰি
হাঁসা প্ৰিয় শিশু, হাঁসা আৰু বাৰ।

কিয়নো নাজাগে আমাৰ মন?

অৰুণ উদিছে   জগত জাগিছে
  অৰণ্যে বিহঙ্গ গাহিছে গীত।
যত পশু গণে   চৰিছে কাননে,
  ফুটিছে কুসুম মোহিয়া চিত॥