নিশিকক, ভাষাৰ স্বাভাবিক গুণ বিলাক (Idioms) অলপহে অধিকাৰ কৰিব পৰিছিল।
তেওঁবিলাকে কিতাপত আৰু বাতৰি কাকতত যি ভাষা লেখিছিল, সেইটো অসমীয়া ভাষাৰ সহজ অবস্থা নহয়। তেও বিলাকৰ ভাষাটোক আমি “খৃষ্টিয়ানী অসমীয়া” বুলিব পাৰে। কোনো অসমীয়া মানুহে তেনে ভাষা নকয় বা নেলেখে। আপোনাসকলে মোৰ কথাটো ভালকৈ বুজিবৰ নিমিত্তে মই এই খিনিতে তেওঁ বিলাকৰ ভাষাৰ চানেকিৰ টোকা তুলি শুনাও।—“মৰণৰ ভই হেলা কৰা এজনৰ কথা। হঙ্গাৰি দেশৰ এজন খ্ৰীষ্টিয়ান ৰজাই এদিন আপোনাৰ মনত বৰ বিয়াকুল পাইচিল। তেনেতে ৰজাৰ ভায়েকে তেওঁত সুধিলে, তোমাৰ মনত কিয় এনে চিন্তাৰ বিয়াকুল হৈছা? তাতে ৰজাই মাত লগাই কলে, হে ভাই! পৰম ঈস্বৰৰ আগত মই মহা অপৰাধী হৈছোঁ, সেই নিমিত্তে মৰণ আৰু বিচাৰৰ সময়ত ঈশ্বৰৰ সাক্ষাতে থিয় হব লাগিব। এই দুই কথাত মোৰ মনত অতি ভই জনমিচে। তাতে ৰজাৰ ভায়েকে হাঁহি কলে এনে বিষয়ত চিন্তা কৰা আপোনাৰ উচিত নহয়। ইয়াতে কেবল মনৰ সুখ হে গুচে। তাতে ৰজাই একো উত্তৰ নকৰি ভায়েকক কুশলে বিদায় দিলে।” আৰু এডোখৰ পদ্য শুনক:—“গীত। মই কোত জীৰণি পাওঁ, ক্লাও হৈ মনৰ বিশ্ৰাম; সাগৰ বা দ্বীপৰ সীমালৈ বিচাৰিলে নেপাম। যি সুখ বিচাৰো মই, সংসাৰত নাই উতপন, আয়ুসৰ পাচত আয়ুস বই, মৰণৰ পাচ মৰণ।” তেওঁবিলাকৰ লেখাত কেনে এটা কোমল ভাব আছে দেখিছেনে? ভালকৈ মাত নুফুটা কেচুৱা লৰাৰ মাতত যেনে এটা মনমোহা সুৱলা ভাব আছে, এই পাদুৰী চাহাব সকলৰ ভাষাতত তেনেকুৱা এটা ভাব নাই নে বাৰু; আমাৰ ভাষাৰ শব্দাবলীত সংযুক্ত আখৰৰ শব্দ সৰহ নথকাত সি স্বভাৱতেই কোমল, আৰু মিঠা, তাতে আকৌ পাদুৰী চাহাব সকলৰ মুখৰ পৰা এধা ফুটা এধা নুফুটা হৈ ওলোৱাত, সি আৰু কেনে সোৱাদ হৈছে। তেওঁবিলাকৰ ভাষাই কিন্তু অসমীয়া সাহিত্যক অলপো ভঁজুৱা কৰিব নোৱৰিলে। তেওঁ বিলাকৰ ভাষা তেওঁবিলাকতে লাগি ৰল। তেওঁবিলাকৰ ভাষাৰ যিটো Spirit সিহে অসমীয়া সাহিত্য গোটেইটোত বিয়াপিছে। পাদুৰী চাহাব সকলে অসমীয়া সাহিত্যৰ আৰু এটা উপকাৰ কৰি গল। সি তেওঁ বিলাকে কৰা সকলোবোৰ কামতকৈ ডাঙ্গৰ।
অভিধান চপোৱা, ব্যাকৰণ উলিওৱা, বাতৰি কাকত প্ৰকাশ কৰা সকলো বোৰত কৈ সি প্ৰধান। আন কাৰণে নহলেও অসমীয়াই অসমীয়া ভাষা জগতত থাকে মানে, সেই এটা কামৰ পৰাই পাদুৰী চাহাব হঁতৰ গুণ নকৈ থাকিব নোৱাৰে।