পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২৯
অসমীয়া ভাষা।

 তেতিয়াই অসমত বঙ্গালী যি সোমাল আজিলৈকে তাৰ সোঁত চলি আছে। আৰু সেই কাৰণেই আজি বঙ্গালীয়ে এটাইবিলাক কামৰ মূৰত বহি, এনেকৈ তিঘিল ঘিলাব পাৰিছে। আজি কালি অনেক অসমীয়াই ইচ্ছা কৰে যে দেশৰ ডাঙ্গৰ ডাঙ্গৰ কাম বিলক দেশীয় মানুহে পাওক। কিন্তু কি হব অসমীয়াৰ গুৰি ধৰোঁতা কোনো নাই। তেতিয়া অসমীয়া ভাষাৰ সলনি বঙ্গালী ভাষা নচলোৱা হলে, অসমীয়া মানুহৰ আজি কালি এনেকুৱা দশা হবলৈ কেতিয়াও নেপালে হেঁতেন। দ্বিতীয়ত অসমীয়া মানুহৰ বিদ্যা বুদ্ধি সকলো সীমাবদ্ধ হল। গবৰ্ণমেণ্টে সাধাৰণ শিক্ষা বহলাবৰ নিমিত্তে যিমান চেষ্টা কৰিলে সকলো বিফল হল। এটা আচহুৱা খোচৰ ভাষাত পৈনত হৈ জ্ঞান আৰ্জ্জিব লগা হোৱাত, জ্ঞাননো কি, অসমীয়া মানুহে গন্ধকে নেপালে। আৰু ৩।৪ বছৰ পঢ়ি যি ভাষা শিকিছিল, তাকো শুনিলে হাঁহি উঠে। চিৰ স্মৰনীয় স্বৰ্গীয় আনন্দৰাম ঢেকিয়াল ফুকনে, সেই কালৰ কোনো পঢ়াশালিৰ ওপৰ শ্ৰেণীৰ ছাতৰ এজনক এই কথা কেই শাৰী বঙ্গালী ভাষালৈ নিবলৈ কলে—“ইয়াত বহুত লৰা গোট খাইছে, আমি সম্ভবতঃ এই দেশ এৰি আন দেশলৈ যাব লাগিব। দুখীয়া মানুহ বোৰে ভাত মোকোলাবলৈ অপৰিমিত পৰিশ্ৰম কৰে।” পিছে বঙ্গলা ভাষাত শিক্ষিত ছাত্ৰ জনে তাৰ এনে বঙ্গলা কৰিলে—“অহং স্থানতঃ অনেক বালক স্থিত হৈছে। অহং গ্ৰাম ছাড়ি ভঙ্গ হইয়া গমন কৰা হইল। দীন হীন ব্যক্তিয়ে নিত্যে বৃহত কৰ্ম্ম কৰে, আৰু অন্ন উলিয়াই” এনেকুৱা ভাষা শিকোতেই ৩।৪ বছৰ গল; তাৰ পিছত জ্ঞান অৰ্জ্জা। অসমীয়া মানুহৰ জ্ঞানৰ হেঁপাহ, আজি কালিয়েইনো কিমান। তাৰ পৰাই সেই কালৰ মানুহৰ মনৰ অৱস্থা বুজি লব পাৰি। এই দৰে তিনি চাৰি বছৰ এনেকুৱা ভাষা শিকোতেই হাইৰাণ হৈ ছাতৰে পঢ়াশালিক চিৰকালৰ নিমিত্তে নমস্কাৰ কৰে। ইপিনে আন আন দেশৰ লৰাই নিজ মাতৃ ভাষাৰ ভিতৰে গৈ জ্ঞান আৰ্জ্জিব লগা হোৱাত দোপত দোপে উঠি গৈ ইংৰাজী সাহিত্য আৰু বিজ্ঞানৰ সোৱাদ ললে গৈ। অসমীয়া লৰাৰ জ্ঞান অৰ্জ্জা সেই, কুকুৰা ঠেঙ্গিয়া আখৰ লেখা, যোটাই যোটাই কিতাপ পঢ়া, আৰু দুটা চাৰিটা বঙ্গালী শব্দৰ মানে শিকাতে লাগি ৰল।

 তেতিয়াই যি অসমীয়া, ভাৰতবৰ্ষৰ আন জাতি বিলাকৰ পাছ পৰিল, আজি লৈকে আৰু তাক পূৰাৰ পৰা নাই। অসমীয়া ভাষাৰে অসমীয়াক সাধাৰণ শিক্ষা দিবলৈ হোৱা হলে, কেতিয়াও এনে দুৰবস্থা নহল হেঁতেন। আৰু এই বোৰ অপকাৰৰ বাহিৰেও বহুত তৰল মতীয়া অসমীয়া মানুহৰ মাতৃ ভাষালৈ শ্ৰদ্ধা কমিল।

তেওঁবিলাকৰ বিশ্বাস হল, বঙ্গালী ভাষা, সাধু ভাষা, এই গুণে হে আমাক বঙ্গলা

৬৭