হেমচন্দ্ৰ গোস্বামী।
অসমীয়া ভাষা।
বৰ্ত্তমান যুগ।
ইংৰাজ ৰাজত্বৰ পাতনিৰে পৰা আজিলৈকে এই যুগেই অসমীয়া সাহিত্যৰ বৰ্ত্তমান যুগ। ওপৰত উনুকিওৱা হৈছে, অসমদেশ বহুত দিন মানহঁতৰ অত্যাচাৰৰ তলত আছিল। পিছে ১৮২৪ চনত মানতে ইংৰাজৰ লগত যুজ কৰি হৰিলত সিহঁতৰ ৰজাই ১৮২৬ চনত, ইয়াণ্ডাবুত সন্ধি কৰি, অসম দেশ ইংৰাজকে এৰি দিয়ে; তেতিয়াৰে পৰা ই ইংৰাজৰ অধীনলৈ আহিল।
মানে ৭।৮ বছৰ লালিকৈ জুলুম কৰি অসম দেশক এখন মৰিশালিকৈ পেলালে। অসমীয়া মানুহে মোৰ বুলিবলৈ সেই মাৰিশালিত, হাড়, মুৰ, ছাই খোলাত বাহিৰে আৰু একো নেথাকিল। ইংৰাজে দেশ অধিকাৰ কৰি, মানে এৰি থৈ যোৱা সেই হাড় মূৰ বোৰকে গোটাই তাত জীৱন সঞ্চাৰি আকৌ দেশ নকৈ পাতি লব লগা হল। উদাৰ ইংৰাজৰ আহাসুধীয়া ৰাজনীতিৰ শীতল ছাঁত আকৌ অসমীয়া মানুহৰ মুখলৈ ৰস আহিল। সমাজে ঠন ধৰিলে, চাৰিও পোনে দেশ কাল সুঠিল হল। বহুত দিনীয়া মৰ টোপনিত পৰি থকা, অসমীয়া মানুহক, মহামতি ইংৰাজে জগাবলৈ কাৰবাৰ কৰিলে। দেশীয় দুই চাৰি জন মুখীয়াল মানুহক ডাঙ্গৰ ডাঙ্গৰ হাকিম কাম দি, যদিও বিদেশী ৰজা তথাপি প্ৰজাৰে সৈতে কেনে সমান ভাৱে ব্যৱহাৰ কৰে তাক দেখুৱালে। আৰু তাত বাজেও অসমীয়া মানুহৰ মাতৃ ভাষাক আদালতৰ ভাষা কৰি তাৰ আদৰ বঢ়ালে। কিন্তু দুৰকপলীয়া মানুহৰ ভাষা সৰহ দিন এই অবস্থাত থাকিবলৈ নেপালে। অলপ দিনৰ ভিতৰতে তাৰ ভাগ্য লুটি খালে ইংৰাজে যেতিয়া অসম দেশ লয়, তেতিয়া অসম আৰু বঙ্গ দেশৰ ভিতৰত অহা যোৱাৰ ইমান সুচল নাছিল। সেই কাৰণে তেতিয়া কোনো ভাল বঙ্গালীয়ে তাত কাম কৰিবলৈকো নগৈছিল। দেশত খাবলৈ নোপোৱা, আপোন পেটীয়া, ঢাকা, ৰঙ্গপুৰ আদি অঞ্চলৰ, কুলাৰ আগত উৰি যোৱা পতানৰ নিচিনা খেচৰ বঙ্গালীহে, তাত কাম বিচাৰি গৈছিল। অসমীয়া ভাষা আদালতৰ ভাষা