পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২৫
ব্ৰহ্মপুত্ৰ।

কলই গইছাঁ তুমি কি কামত যোৱাঁ?
মিনতি কৰিছোঁ মোক কোৱাঁচোন কোৱাঁ?
 দিন যায় ৰাতি যায়,
 ভাগৰ আমনি নাই,
কুল কুল ৰৱ তুলি কিবা গান গোৱা?
মিনতি কৰিছোঁ মোক কোৱাচোন কোৱাঁ?


কেনেনো সুওন্দৰ ভাৱ তোমাৰ গানৰ,
সংসাৰৰ চিন্তা হয় মনৰ আঁতৰ।
 সি গানত ভোল গই,
 সন্ধ্যা হলে ৰই বই,
শুনিছোঁ কিমান বহি পাৰত তোমাৰ।
তথাপি পলোৱা নাই হেঁপাহ মনৰ॥


কতদিন দেখিছোঁহি সন্ধ্যা সময়ত
কিবাৰূপ ধৰাঁ তুমি হিয়াৰ মাজত!
 দেখিছোঁ তাৰকা কোটি
 অনন্তৰ শিৰে উঠি,
দাপোণ মনেৰে ভাবি তোমাৰ বুকুত।
অধোমুখ হই সৱে চায়হি ভ্ৰমত॥


দেখিছোঁ সদায় তুমি ন ন ভাব ধৰা,
সদায় তোমাৰ মন আনন্দেৰে ভৰা,
 কুল কুল গীত তেও
 নেপাহৰোঁ কেতিয়াও,
সদায় তোমাৰ বয় প্ৰেমৰ নিঝৰা।
আপোন লক্ষ্যৰ বাট কেতিয়াও নেৰা।