মানুহে খাটিব লাগে, হেজাৰ হেজাৰ মানুহে ৰাজ সিংহাসনৰ আগত দীঘল হৈ পৰি থাকেহি। অকল সেয়েই নহয়, ৰজাৰ ওচৰত কিছুমান বিশ্বাসী বন্ধু থাকে। সিহতক ৰজাই আদৰ কৰি বিষয়-সম্পত্তি দি ডাঙ্গৰ মানুহ কৰে; সিহঁতেই দেশত উপাধি পোৱা ডাঙ্গৰীয়া বুলি বিখ্যাত হৈ উঠে। সেইবিলাক ডাঙ্গৰীয়াৰ সুখৰ নিমিত্তে আকৌ বহুত মানুহে খাটিব লাগে। এইদৰে দেশত এফালে এক শ্ৰেণী কুলিন ডাঙ্গৰীয়াৰ সৃষ্টি হয়, আনফালে একশ্ৰেণী দাসব্যৱসায়ী মানুহৰ আৰম্ভ হয়। ইয়াৰ দ্বাৰাই সমাজত সাম্যভাৱ নোহোৱা হৈ পৰে। যেতিয়া এনেকুৱা কুলিন প্ৰথা দেশত বৰকৈ চলিবলৈ ধৰে, যেতিয়া ডাঙ্গৰীয়াবিলাক ওপৰলৈ উঠে আৰু সাধাৰণবিলাকে দাসত্বৰ শিকলি পিন্ধে, যেতিয়া ৰজাৰ ক্ষমতাৰ আৰু ইচ্ছাৰ একো প্ৰতিবন্ধক নেথাকে, তেতিয়া সমাজে এক ভয় লগা গঢ় লয়। দেশত সাম্যভাৱৰ পৰিবৰ্ত্তে দাসত্বৰ বান্ধ দিনে দিনে টান হবলৈ ধৰে। জাতীয় সভ্যতা, সমাজৰ এনেকুৱা অৱস্থাৰ বাবে ক্ৰমে পিচলে হুঁহকিবলৈ আৰম্ভ কৰে।
এই গল সমাজত ৰাজনৈতিক স্বাধীনতাৰ কথা। মানুহৰ ধৰ্ম্ম বিষয়ে সাম্যভাৱ নহলে দেশীয় সভ্যতাৰ অৱস্থা আৰু বেয়া হয়। ওপৰত দেখুউৱা মতে সমাজত যেনেকৈ এদল কুলীন ডাঙ্গৰীয়াৰ সৃষ্টি হয়, সেই দৰে ধৰ্ম্মযাজকবিলাকো সমাজৰ অভিব্যক্তিত সাধাৰণ মানুহৰ পৰা বহুত দূৰৈত গৈ পৰে। নিজ সুবিধাৰ নিমিত্তে ধৰ্ম্মযাজকবোৰে নানা নিয়ম-প্ৰণালী কৰি সমাজত সিহতৰ শ্ৰেষ্ঠত্ব ভালকৈ থাপি লয়। সিহতে যি বিধি দিয়ে, তাক লঙ্ঘণ কৰিলে সাধাৰণ মানুহৰোৰ সমাজচ্যুত হয়। আধ্যাত্মিক স্বাধীনতা নেপাবৰ কাৰণে নীচ শ্ৰেণীৰ মানুহবোৰৰ শিক্ষা নিষিদ্ধ বুলি সিহতে নিয়ম কৰে। এই ৰকমে সমাজত ধৰ্ম্ম বিষয়ে সাম্যভাৱ আৰু স্বাধীনতা নোহোৱা হয় আৰু ক্ৰমে দেশীয় সভ্যতাও তললৈ নামে।
সমাজত এনেকুৱা সন্মিলন, সাম্যভাৱ আৰু স্বাধীনতা নোহোৱাৰ কাৰণেই যে জাতিৰ সভ্যতাৰ উন্নতিৰ গতিৰোধ হৈ শেষত সি ধ্বংস পাইছে, তাৰ বহুত উদাহৰণ দেখুৱাব পৰা যায়। পৃথিবীত যি বিলাক পুৰণি জাতিৰ সভ্যতাই লোপ পাইছে, সেইবিলাকৰ অৱনতিৰ কাৰণ বিচাৰি চালেই এই কথাৰ সত্যতা ভালকৈ বুজিব পৰা হব। হিন্দু সমাজৰ বহুত অনিষ্টকৰ ভিতৰুৱা পৰিবৰ্ত্তন হোৱাৰ বাবেই যে হিন্দু সভ্যতাৰ অধোগতি হল, তাক হিন্দু মাত্ৰেই জানে। পুৰণি ভাৰতবৰ্ষৰ বুৰঞ্জী পঢ়োতা সকলে দেখিছে যে, প্ৰায় মহাভাৰতৰ সময়ৰ পৰাই
ভাৰতবৰ্ষত সম্মিলন নাই। তেতিয়াৰ পৰা পৃথ্বীৰাজৰ সময়লৈকে ভাৰতবৰ্ষত
৬৬