হয়। সমাজৰ সেই বিলাক অঙ্গৰ কোনোটিৰ কোনো বিশেষ অৱস্থাৰ বাবে সমাজৰ উন্নতি বা অৱনতি হৈ থাকে। সেই বিশেষ অৱস্থাবিলাক কেনে, তাক ক্ৰমে বিচাৰ কৰা যাব।
আমি আগেয়েই উনুকিয়াইছোঁ যে, অভিব্যক্তিৰ নিয়মবিলাকৰ দ্বাৰাই সমাজৰ উন্নতি হোৱা দেখুৱাব পাৰিলেও সমাজৰ উন্নতিৰ গতিৰোধ বা অৱনতিৰ কাৰণ নিৰ্দ্দেশ কৰিবলৈ অভিব্যক্তিবাদীবিলাক অপাৰগ। বাস্তৱিক অভিব্যক্তিৰ নিয়ম অনুসাৰেই মানুহে বেলেগ বেলেগ জীৱন এৰি সামাজিক জীৱন নিৰ্ব্বাহ কৰে; সেই নিয়ম বোৰৰ মতেই সমাজৰ সহজ অৱস্থা গুচি বিষম অৱস্থা হয়। বিষম শব্দৰ দ্বাৰা ইয়াত কুটিল আৰু মেৰপাক-খোৱা বুজুৱা গৈছে। সমাজ স্থাপিত হোৱাৰ আগেয়ে প্ৰত্যেক মানুহ বেলেগ হৈ আছিল, পাচে কাৰ্য্যৰ গতিত মানুহবোৰে দেখিলে যে, বেলেগ বেলেগ ভাৱে জীৱনযাত্ৰা নিৰ্ব্বাহ নকৰি বহুত একে লগে মিলি থাকিলে নানা ফালে নানা সুবিধা হয়। অনুমান হয়, মানুহবোৰৰ মাজত যুদ্ধ বিগ্ৰহ আৰু প্ৰতিদ্বন্দ্বিতা থকাৰ পৰাই এই একেলগে থকা ভাব মানুহৰ মনত উপজিল। সেই সুবিধা বিলাক পাবৰ কাৰণে পাচত বহুত পৰিয়াল গোট খাই সিহতৰ মাজত এক সমাজ গঢ়িলে। অভিব্যক্তিৰ নিয়মানুসাৰে অনিশ্চিত অসংলগ্ন আৰু সহজ একাকাৰ অৱস্থাৰ পৰা সমাজ লাহে লাহে নিৰূপিত সামঞ্জস্য থকা আৰু সন্ধিযুক্ত বিষমাৱস্থালৈ যাবলৈ ধৰিলে। তেতিয়া সমাজত বেলেগ কৰ্ম্মবিভাগ হবলৈ ধৰিলে। কৰ্ম্মবিভাগ, বহুত মানুহৰ সম্মিলন, পৰস্পৰৰ সাহায্যৰ দ্বাৰাই সমাজ ক্ৰমে উন্নতিৰ বাটত আগ বাঢ়িবলৈ ধৰিলে। এই সন্মিলনৰ লগত আৰু দুটি গুণ থকাত সমাজে সোনকালে উন্নতি লাভ কৰিলে। সেই গুণ দুটিৰ এটি সাম্যভাব, আনটি স্বাধীনতা। সমাজৰ সকলো মানুহ সমান, সকলোৰে সমান অধিকাৰ, এয়ে সাম্যভাৱ। সমাজৰ কোনো মানুহ কাৰো দাস নহয়, কোনো। মানুহে কিছুমান স্বাভাৱিক গুণ অধিকাৰ কৰি আন মানুহৰ ওপৰত ৰাজত্ব কৰিব নোৱাৰে; মূল কথা সমাজত কাৰো আগত কোনোৱে মূৰ দোঁৱাব নেলাগে, এয়ে স্বাধীনতা। এই তিনটা অঙ্গ সমাজত থাকিলে সমাজ সভ্য হৈ থাকে, সেই গুণ কেইটা আঁতৰিলে সমাজৰ উন্নতিৰ গতিৰোধ হৈ সি তললৈ নামি আহে। মাজত সন্মিলন আৰু পৰস্পৰ সহানুভূতি থাকিলে মানুহৰ অৱস্থা উন্নত হয়, এটাইবিলাক মানুহে লগ লাগি সমাজৰ উন্নতিৰ কাৰণে পৰিশ্ৰম কৰিলে সিহঁতে সভ্য নাম লয়। সন্মিলন আৰু ঐক্যনহৈ সমাজত বিবাদ আৰু যুদ্ধ-বিগ্ৰহ হলে সমাজৰ অৱনতি হয়। মানুহবিলাকে বিবাদত লিপ্ত থাকি সমাজৰ উন্নতিৰ কাৰণে পৰিশ্ৰম কৰিব