পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১৪
অসমীয়া সাহিত্যৰ চানেকি।

তাৰ গড়াল সাজে, মৌ-বৰলে সিহঁতৰ চাক বান্ধে; চৰাইৰ বাহ, বিবৰৰ গড়াল, মৌ-বৰলৰ চাক, আদিৰে পৰা একে নিয়মে সজা হৈ আহিছে। এহেজাৰ বছৰৰ আগেয়ে কাউৰীয়ে যেনেকৈ বাহ সাজিছিল, এতিয়াও সেই দৰে সাজিছে; কিন্তু এশ বছৰৰ আগেয়ে মানুহে যেনেকৈ ঘৰ সাজিছিল, এতিয়া তেনেকৈ নেসাজে। চৰাইৰ বাহ, বিবৰৰ গড়াল, আৰু মৌ-বৰলৰ চাক কালৰ গতিত একো উন্নতি নহৈ আদিম অৱস্থাতে আছে; কিন্তু যি মানুহে প্ৰথমে আদিম অৱস্থাত বাঁহপাতৰ পঁজাঘৰ সাজিছিল, সিহঁতৰ সন্ততিবোৰে আজি কালি প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা সাজিছে। ইয়াৰ দ্বাৰাই বুজা যায়, মানৱ জাতি উন্নতিশীল, কিন্তু পশুবিলাকৰ উন্নতি নাই। স্বভাবৰ পৰা যিবিলাক শক্তি পাইছে, তাৰ লগে লগে নিজ বুদ্ধিৰ বলত আন আন উপায় উলিয়াই মানুহ আন জীৱবোৰতকৈ শ্ৰেষ্ঠ হৈছে। কোনো জন্তুৱে মানুহৰ নিচিনাকৈ কাপোৰ বৈ পিন্ধিব পৰা নাই, খাদ্য ৰান্ধি খাব জনা নাই, আন আন জন্তু পুহিব জনা নাই। কিন্তু মানুহে এনেকুৱা বহুত জীৱনোপায় উলিয়াই জগতত সভ্য, হৈছে। যিবিলাকে সৰহকৈ এনেকুৱা স্বাধীন উপায় উলিয়াব পৰিছে, সিহঁতেই সিমান সভ্য হৈছে। যেয়ে পৰা নাই, সেয়ে সিমান অসভ্য আৰু বৰ্ব্বৰ হৈ আছে। মানুহৰ মাজত সভ্যতাৰ তাৰতম্যৰ মূল এয়ে। এই প্ৰভেদৰ কাৰণেই কোনোৱে গছৰ ছাল পিন্ধিছে, কোনোৱে মলমল পিন্ধিছে; কোনোৱে বাঁহৰ চুঙ্গাত পানী খাইছে, কোনোৱে সোণ-ৰূপৰ পাত্ৰত আহাৰ কৰিছে! কোনোৱে টিঙ্গিৰি ব্যৱহাৰ কৰিছে, কোনোৱে ‘দেছলাই’ ব্যৱহাৰ কৰিছে। কোনোৱে কলগছৰ ভুৰ বান্ধি নৈ পাৰ হৈছে, কোনোৱে ভাপ-নাৱেৰে সাগৰৰ ওপৰেদি অহা-যোৱা কৰিছে।

 স্বাধীন উপায় বিলাক উলিয়াব পৰা শক্তি, মানুহৰ প্ৰকৃতিগত বা স্বভাৱৰ পৰা পোৱা নহয়। কাৰণ, যি জাতি আজি একেবাৰে অসভ্য, পাঁচশ বছৰৰ পাছত হয়তো দেখিবা সেই জাতি সভ্যতাৰ বহুত ওপৰলৈ উঠিছে। বহিৰ্জগতৰ কাৰ্য্যৰ ফলত এনেকুৱা প্ৰভেদ হোৱা নাই। কাৰণ যি ঠাইত আগেয়ে অসভ্যই বাস কৰিছিল, সেই ঠাই পাচত এক সভ্য জাতিৰ থকাঠাই হৈছে; আকৌ যি দেশ আগেয়ে সভ্যতাৰ আদি ঠাই আছিল, সেই দেশ পাচত অসভ্য মানুহৰ বাসস্থান হৈছে। তেনেহলে মানুহৰ সভ্যতাৰ উন্নতিৰ ঘাই নিয়ম কি? কি কাৰণে বেলেগ বেলেগ জাতিবোৰ সভ্যতাৰ বেলেগ বেলেগ খাপত উঠিব পাৰিছে?

 পাশ্চাত্য পণ্ডিত সকলৰ বহুতে কয়, প্ৰাণীজগতৰ ক্ৰমিক অভিব্যক্তিৰ যি নিয়ম, সেই নিয়মেই মানৱজাতিৰ সভ্যতাতো খাটিছে। যোগ্যৰ উন্নতি, অযোগ্যৰ