মাজত তেতিয়া প্ৰতিদ্বন্দিতা হৈ সংখ্যা কমি যায়। আমি এতিয়া দেখিলোঁ যে কোনো জীৱৰ সংখ্যা পৃথিবীত সৰহ হলে সিহঁতৰ মাজত জীৱন ৰক্ষাৰ কাৰণে যুদ্ধ হয়, তাত কিছুমানে ৰক্ষা পায় আনবিলাক মৰে। ইয়াৰ ৰহস্য কি বুজা যাওক। পৃথিবীত যেতিয়া জীৱবিলাক চাৰিও ফালে চিটিকি পৰিল তেতিয়া সিহঁতৰ থকা ঠাইৰ মাজত প্ৰভেদ হবলৈ ধৰিলে। কিছুমান গৰম দেশলৈ, কিছুমান শীতপ্ৰধান দেশলৈ, কিছুমান পৰ্ব্বতীয়া ঠাইলৈ, আনবিলাক ভৈয়ামৰ ফালে, এইদৰে দিহাদিহি গল। যিবিলাক পৰ্ব্বতপূৰ্ণ ঠাইবোৰলৈ গল সিহঁতৰ ভিতৰত যিবিলাক অযোগ্য আছিল সিবিলাক মৰিল। সেইদৰে শীতপ্ৰধান ঠাইলৈ যোৱবিলাকৰ মাজত যিবোৰ নোমাল আছিল বা যিবিলাকৰ জাৰ গুচাবৰ কোনো উপায় আছিল সিহঁত ৰল বাকীবিলাক লোপ পালে। এইদৰে যিবিলাক, ঠাইলৈ প্ৰাকৃতিক অৱস্থাৰ উপযোগী হোৱাৰ বাবে তিষ্ঠিল, সেইবিলাকে সেই ঠাইবোৰতে থাকি বেলেগ বেলেগ বিশেষত্ব আৰ্জ্জিলে। সেইবোৰ বিশেষত্ব পুৰুষানুক্ৰমে প্ৰাণীবিলাকৰ মাজত চলি আহি সিহঁত এক বেলেগ জাতৰ প্ৰাণী হৈ উঠিল। এইদৰে কোনো কোনো শ্ৰেণীৰ একেবাৰে লোপ হৈছে, কিছুমানে কোনো বিশেষ ঠাইত পৰি সেই ঠাইৰ উপযোগী হোৱাত তাতে কোনো বিশেষ গুণ অধিকাৰ কৰি এক শ্ৰেণী নতুন জীৱৰ সৃষ্টি কৰিলে।
প্ৰাকৃতিক নিৰ্ব্বাচন বোলাত কি বুজা যায়, তাৰ অলপ ভূ বোধ কৰোঁ এতিয়া পোৱা গৈছে। আগেয়েই কৈছোঁ যে নানা কাৰণৰ বাবে জীৱবিলাকৰ মাজত বহুত প্ৰভেদ জন্মিছে, প্ৰত্যেক শ্ৰেণী জীৱৰ বেলেগ বেলেগ ফালে পৰিবৰ্ত্তন হোৱাৰ বাবেই এনে প্ৰভেদ হৈছে। এই পৰিবৰ্তন বিলাক কিছুমান জীৱৰ নিমিত্তে উপকাৰী আৰু কিছুমানৰ অনিষ্টকৰ। এই অনিষ্টকৰ পৰিবৰ্ত্তনবিলাক এৰি উপকাৰী পৰিবৰ্ত্তনবিলাক এক আচৰিত প্ৰাকৃতিক নিয়মৰ দ্বাৰাই ৰখা হয়। ইয়াকে আমি প্ৰাকৃতিক নিৰ্বাচন বুলিছোঁ। যিবিলাক জীৱৰ উপকাৰী পৰিবৰ্ত্তন নহৈ কেৱল অনিষ্টকৰ পৰিবৰ্ত্তন হয়, সিহঁত তিষ্ঠিব নোৱাৰে, কালত সিহঁতৰ বিনাশ হয়। এইদৰে একো শ্ৰেণীৰ জীৱ অসুবিধাযুক্ত অৱস্থাত থকাৰ নিমিত্তে লোপ পাই জীৱমণ্ডলীৰ একোটা শ্ৰেণী হীন কৰিছে। লোপ পাই যোৱা প্ৰাণীবিলাক আৰু দুনাই পৃথিবীত নোলায়, কাৰণ প্ৰাণী-সূত্ৰৰ পৰা সিহঁত ছিগি পৰিল। এতিয়াও ভূগৰ্ভৰ পৰা সময়ে সময়ে সেই লোপ পোৱা প্ৰাণীবোৰৰ কিছুমানৰ চিন দেখিবলৈ পোৱা যায়। ৰুচ দেশত আগেয়ে মামথ নামেৰে হাতীতকৈও ডাঙ্গৰ নোম থকা এবিধ জন্তু আছিল, সেই জন্তু আজি কালি আৰু পৃথিবীত নাই,