মটা সন্ততিয়ে অধিকাৰ কৰে, মাইকীৰ বিশেষত্ব মাইকী সন্ততিয়ে অধিকাৰ কৰে। আকৌ দেখা যায় যে এটা জীৱৰ জীৱনৰ যি সময়ত এটা বিশেষত্ব অৰ্জ্জা হৈছিল তাৰ সন্ততিবিলাকেও পাচত জীৱনৰ ঠিক তেনে সময়তে সেই বিশেষত্ব অধিকাৰ কৰে। সেই নিয়মে কোনো এক শ্ৰেণীৰ জীৱবিলাকৰ বুৰঞ্জীৰ আদিতে অৰ্জ্জা গুণবিলাকৰ চিন এই শ্ৰেণীৰ জীৱৰ প্ৰতেক পুৰুষৰ সন্ততিবোৰৰ জীৱনৰ প্ৰথম ভাগতে দেখিবলৈ পোৱা যায়, শেষ ভাগত অৰ্জ্জা গুণ বা বিশেষত্ববিলাক জীৱনৰ পাচ ভাগত হে ফুটি ওলায়।
এতিয়া বহিৰ্জগতৰ বেলেগ বেলেগ অৱস্থাৰ বাবে আৰু অভ্যাস, ব্যৱহাৰ আৰু অব্যৱহাৰৰ দ্বাৰাই জীৱবিলাকৰ কি নিয়মে লক্ষণ ভেদ হব লাগিছে তাক বিচাৰ কৰি চোৱা যাওক। বহিৰ্জগতৰ অৱস্থা বুলিলে বহুত কথা বুজাই; ইয়াত আমি জল, বায়ু, ঠাইৰ প্ৰাকৃতিক অৱস্থা প্ৰভৃতিৰ কথা উল্লেখ কৰিম। কোনো ঠাই বৰ গৰম বা শীত প্ৰধান হলে, সেই ঠাইৰ জীৱবিলাকো জল বায়ুৰ সেই অৱস্থাৰ উপযোগী হব লাগিব, তেহে সিহঁত তিষ্ঠিব পাৰিব। জল বায়ুৰ অৱস্থাৰ ওপৰত উদ্ভিজ বস্তুৰ অৱস্থাই যিমনে নিৰ্ভৰ কৰে জন্তুৰ অৱস্থাই যিমান নকৰে। প্ৰাণীতত্ত্ববিৎ পণ্ডিত সকলে দেখিছে যে ঠাইৰ গুণৰ তাৰতম্যৰ পৰা জীৱবিলাকৰ মাজত প্ৰভেদ দেখা যায়। মহাদেশবিলাকত যিবিলাক চৰাই আছে সেই বিলাকৰ বৰণ দ্বীপবোৰত থকা চৰাইৰ বৰণতকৈ বহুত উজ্জ্বল। সাগৰৰ দাতিত থকা গছগছনিৰ পাতবিলাক সাধাৰনত বেছি ডাঠ দেখা যায়। এনেকুৱা প্ৰভেদৰ বহুত উদাহৰণ আছে। তাৰ এটি উদাহৰণ দেখুৱালেই হব। ঘৰচীয়া হাঁহৰ ঠেঙ্গৰ গধুৰতাতকৈ বনৰীয়া হাঁহৰ ঠেঙ্গৰ গধুৰতা বহুত কম। তাৰ কাৰণ এই যে ঘৰচীয়া হাঁহবিলাকে ঠেঙ্গেৰেই সদাই কাম কৰে, লৰি-চৰি ফুৰিব লাগিলে খোজ কাঢ়ে, কিন্তু বনৰীয়া হাহবিলাকে প্ৰায় সদাই উড়ি ফুৰে, সেই দেখি সিহঁতৰ ঠেঙ্গৰ কাম সিমান নহয়। এই কাৰণৰ নিমিত্তেই ঘৰচীয়া হাঁহৰ ঠেং বনৰীয়া হাঁহৰ ঠেঙ্গতকৈ গধুৰ। ব্যৱহাৰ আৰু অব্যৱহাৰৰ কাৰ্য্যৰ উদাহৰণ প্ৰায় এনেকুৱাই। কোনো বিশেষ অৱস্থাত পৰাৰ বাবে কেতিয়াবা কোনো প্ৰকাৰ জীৱৰ এটা বিশেষ অঙ্গৰ কাম নোহোৱা হৈ পৰে। তেনেকুৱা হলে সেই অঙ্গৰ ক্ৰমে হীন অৱস্থা হয় আৰু এই কমে বহুত পুৰুষৰ পাচত হয়তো জীৱটিৰ সেই অনাৱশ্যকীয় অঙ্গটিয়ে লোপ পায়। অস্ত্ৰীচ বা উটচৰাইয়ে কেতিয়াও তাৰ ডৌকাৰ ব্যৱহাৰ নকৰে। কোনো বিপদ উপস্থিত হলে সি তাৰ বলী ঠেংটোৰে গোৰ মাৰি শত্ৰুক বিমুখ কৰে। অনুমান কৰি জানিব পৰা যায় যে এই উটচৰাইৰ পূৰ্ব্বপুৰুষ বিলাকে সম্ভবতঃ ডৌকাৰ কোনো আৱশ্যক