পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৪
অসমীয়া সাহিত্যৰ চানেকি।

স্বদেশ বিদেশ কৰিও ভ্ৰমণ,
বানিজ্যৰ হেতু উন্নতি সাধন,
কৰিও নিজৰ কৰিও দেশৰ;
হওক দেশৰ সৰ্বাঙ্গ পূৰ।

“বোপা ককা মৰি গল এইমতে”
এই কথা ধৰি নমৰা তেমতে;
মেলিয়া নয়ন কাৰ্য্যে দিয়া মন,
নাথাকা নাথাকা একেটা ভাৱে।
চক্ষুৰ ওচৰে কৰা দৰশন,
জড় হিমদ্ৰিৰো পৰিব ৰতন,
আছয় ভূধৰ হোৱে শোভাকৰ
ঋতুৱে ঋতুৱে নবীন ভাৱে।

ব্ৰহ্মপুত্ৰ নদো সদা যত্নবান,
নিজ কাৰ্য্যে, দেখা সদা ধাবমান,
বাঢ়িছে টুটিছে ভাঙ্গিছে গঢ়িছে;
কোনেও নাথাকে একেটা ভাৱে।
কিয় তৱে হয়, তোমালোক সবে,
ধৰনীৰ ভাৰ মাত্ৰ হুই ভবে,
থাকিবা সদাই? পৰ মুখ চাই,
কিয়নো থাকিবা একেটা ভাৱে!

বিবেচনা কৰি দেখা মনে মনে,
অলঙ্কৃত তোমাসব কোন গুণে?
নাই বিদ্যা গুণ শিল্পে অনিপুন,
নাম মাত্ৰ কৃষি বানিজ্য নাই।
নাই উদাৰতা, নাই সহিষ্ণুতা,
নাহিকে মমতা, পৰোপকাৰিতা,
নাই সজনীতি, অনীতিত প্ৰীতি;
কিবা আছে তোমাসবাৰ ভাই?