পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৬৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০৬
অসমীয়া সাহিত্যৰ চানেকি।

 লৰাৰ শিক্ষা সহানুভূতিৰ বহুত ব্যৱহাৰ দিখিবলৈ পোৱা যায়। পঢ়াশালিত ইটোসিটোৰ মাজত সহানুভূতি জন্মোৱা শিক্ষকৰ এটি প্ৰধান কাম। তাৰ নিমিত্তে শিক্ষকে নিজে লৰাবিলাকক সহানুভূতি দেখুৱাব লাগে, তেহে সিহঁতে আনকো পৰস্পৰ সহানুভূতি দেখুৱাবলৈ শিকে। জ্ঞানৰ অনুশীলন আৰু চৰিত্ৰ গঠন কৰাত সহানুভূতিৰ বিশেষ সম্বন্ধ আছে। সেই দেখি আমাৰ মন সহানুভূতি পূৰ্ণ হব লাগে।

প্ৰাণীতত্ত্ব।

 বহুতৰ বিশ্বাস এই যে, মানুহে যিমান বিজ্ঞানৰ উন্নতি সাধন কৰে, সিমান স্বভাৱৰ কাৰ্য্য-কলাপবিলাক দেখি তাৰ উৎপত্তিৰ কাৰণ স্থিৰ কৰিব পাৰি, মানুহৰ বোধগম্য নোহোৱা ঈশ্বৰৰ অসীম ক্ষমতাৰ প্ৰতি আস্থা কমি আহে, সিমান মানুহে ঈশ্বৰৰ সমকক্ষ হব পাৰিব বুলি আশা কৰে। এই বিশ্বাসটী অমূলক, কাৰণ ডাঙ্গৰ ডাঙ্গৰ বিজ্ঞানবিৎ পণ্ডিতসকলেই কৈছে যে যিমান বিজ্ঞানৰ বাটত আগ বঢ়া যায় সিমান পৰমেশ্বৰ সৃষ্টি কৌশল বুজিব পাৰি, তেওঁৰ অসাধাৰণ বুদ্ধি আৰু ক্ষমতাৰ চিনাকি পোৱা যায় আৰু তেওঁৰ তুলনাত আমি যে কিমান নিকৃষ্ট তাকে। সুন্দৰকৈ বুজা যায়।

 বৈজ্ঞানিক কল্পনাৰ বলত আমি জড়জগতৰ পৰিবৰ্ত্তনবিলাকৰ আদি অন্ত বিচাৰি উলিয়াইছোঁ। এই কল্পনাৰ সহায়তে আমি পৃথিবী, চন্দ্ৰ, সূৰ্য্য প্ৰভৃতি সৌৰজগতৰ গ্ৰহবিলাকৰ প্ৰথমাৱস্থা কেনে আছিল তাক জানিব পাৰিছোঁ। অকল কল্পনাৰ ওপৰতে আমাৰ বৈজ্ঞানিক শিক্ষা হোৱা নাই। উন্নতিৰ সোঁতত নিতে নন বৈজ্ঞানিক যন্ত্ৰবিলাকৰ আৱিস্কাৰ হব লাগিছে। সেই যন্ত্ৰবিলাকৰ কাৰ্য্যৰ দ্বাৰাই আমি পণ্ডিতসকলৰ অনুমানবোৰৰ সত্যতা প্ৰমান কৰি চাইছোঁ। এই এটাইবিলাক সাধাৰণ কথা। আনগ্ৰহবিলাকৰ কথা এৰি অকল পৃথিবী সম্বন্ধীয় কথাবোৰ আলচ কৰিয়েই তধা মানিব লাগে।

 পৃথিবীৰ বিবৰণ সম্পৰ্কে এটি ঘাই প্ৰশ্ন এই যে, পৃথিবীত প্ৰাণীৰ সৃষ্টি কৰ পৰা হল? জড়বস্তুব যোগত প্ৰাণৰ উদ্ভৱ হৈছে নে, ই এক পৰমেশ্বৰৰ সৃষ্টি? এই কথা বৰ গুৰু আৰু ই আমাৰ আলোচনাৰ ভিতৰৰ নহয়। প্ৰাণ কি বস্তু, প্ৰাণী মাত্ৰৰে সেই সম্বন্ধে এটা মুঠ জ্ঞান আছে, সেই জ্ঞানটি কেনে তাক ভাষাৰে বিশদৰূপে বুজোৱা টান। প্ৰত্যেক জীৱৰ এই সম্বন্ধে যি আত্ম-প্ৰত্যয় আছে