পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০১
আমাৰ শিল্প।

আন আন ঠাইৰ মানুহ আহিহে অসমৰ প্ৰজা সংখ্যা অধিক কৰিছে। আৰু সেই বিলাকে অসমীয়া মুগা বা এৰি কপোৰ কেতিয়াও ব্যৱহাৰ নকৰে। আগেয়ে আমাৰ পুৰুষ মানুহবিলাকেও মুগাৰ চুৰিয়া আৰু এৰিয়া কাপোৰ লৈছিল। এতিয়া সেই পৰিচ্ছদ বহুতৰ নাই। পাঠক সকলে এতিয়া বুজি লওক, এই বিলাক কাপোৰ আগতকৈ সৰহ বোৱা হয়নে কম হয়। ক্ৰমে আৰু বোৱা কমিহে আহিব। অলপৰ পৰা ইংৰাজ বেপাৰী কিছুমানে আমাৰ দেশৰ পৰা এৰি (cocoon) লৈ গই কলত কাপোৰ বই এই দেশলৈ আনিছে। বোধ কৰোঁ বহুতে সেই কাপোৰ দেখা নাই। সি বৰ চিকণ আৰু মিহি হৈছে; কলত তৈয়াৰি হোৱা বাবে বেচো কম হব। তেতিয়া অসমীয়া মানুহে সেই কাপোৰ সস্তাত নিকিনি আৰু আমাৰ দেশত বোৱা কাপোৰ লবনে? এতিয়া পাঁচ সেৰ এৰিৰ বেচ যদি ১০৲ টাকা হয়, সেই পাঁচসেৰ এৰিৰ সুতা কাটি কাপোৰ বই বেচিলে ১২৲ টকাৰ ওপৰ নহয়। এনে স্থলত অসমীয়া মানুহে এৰি নেবেচি কাপোৰ বেচিবলৈ ইচ্ছা কৰিব কিয়? সেই দেখিএই কওঁ মুগা আৰু এৰি কাপোৰৰ অৱস্থা ভাল নহয়। কপাহি কাপোৰৰ ভিতৰত আছে খনীয়া, ছকঠীয়া, চেলং আৰু গামোছা, পুৰুষৰ মাজৰ পৰা খনীয়া কাপোৰ গুছি বঙ্গালী বেপাৰ হল। এতিয়াও ভাল ভাল গুণাকটা খনীয়া আৰু চেলেং আছে কিন্তু আমাৰ মানুহৰ উৎসাহ নোহোৱাৰ বাবেই সেই বিলাকৰ উন্নতি হব পৰা নাই।

 বহুতে আমাৰ অলঙ্কাৰ বিলাক দেখিবলৈ শুৱনী নহয় আৰু বৰ গধুৰ বুলি আপত্তি কৰে, ই কথা একেবাৰে মিছা নহয়। ঢোল যেন বিৰি, আৰু খামুচীয়া কেৰুএই তাৰ প্ৰমান। কিন্তু সেই বুলি এটাইবিলাক অলঙ্কাৰ বেয়া নহয়। আমাৰ কিছুমান গহনা দেখি কোনেও নিন্দা কৰিব নোৱাৰে এই বিলাক গহনাও আগেয়ে যিমান ভালকৈ গঢ়া হইছিল এতিয়া তেনেকৈ নহয়। সেইদেখি আমাৰ মানুহৰ পুৰণি নিভাজ গহনালৈ ইমান হেঁপাহ।

 আগেয়ে আমাৰ দেশত হাতীৰ দাঁত আৰু শিঙ্গৰ কাম সুন্দৰ ৰূপে কৰা হৈছিল খৰমৰ চুলা, কাকই, ফনি, কাণ খজুৱা প্ৰভৃতি কামএতিয়াও জোৰহাত আৰু বৰপেটাত বিশেষকৈ কৰা হয়। কিন্তু সেই বিষয়ে কোনেও শিল্পীবিলাকক উৎসাহ নিদিয়ে আৰু সেইবিলাক বস্তুৰ প্ৰতি মানুহৰ আদৰ নোহোৱা হৈছে। গড়ৰ খৰগৰ কোশা আজি কালি খুব কম পোৱা যায়। কষ্ণসাৰ পহুৰ শিঙ্গৰ লাখুটি আজি কালি প্ৰায় নোহোৱা হলহি। কাঁহি বাটী লোটা চৰীয়া প্ৰভৃতি ঘৰুৱা বস্তুৰ গঢ়ন বৰ সামান্য ৰূপে হয়। অসমত এই বিলাক গঢ়োৱা ঠাই বিশেষ কৈ