পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯৯
মনোমতী

নাপাইছিল সেই সেই গাৱঁত ধন সোণ লুটপাট কৰাত বাজে আন একো বিশেষ উপদ্ৰৱ কৰা নাছিল। কিন্তু যি যি গাৱঁত গাৱলীয়া মানুহবিলাকে সাহ কৰি সিহঁতৰ লগত যুঁজ দি ঘাটিছিল, সেই সেই গাৱঁত সিহঁতৰ উপদ্ৰৱ বৰ্ণনাৰ অতীত হৈছিল। সিহঁতে ঠায়ে ঠায়ে মতাকে মাইকীকে একেলগে তলা ওপৰা কৰি বান্ধি দুইকো একে ঘায়ে কাটিছিল। গিৰিয়েকটোক বান্ধি থৈ তাৰ চকুৰ আগতে তাৰ গাভৰু তিৰুতাজনীৰ সতীত্ব নাশ কৰি গিৰিয়েকৰ আগত ঘৈণীয়েকক, ঘৈণীয়েকৰ আগত গিৰিয়েকক কাটিছিল। কিছুমান মানুহক সিহঁতে হাতত খিলা মাৰি কঁকালত ডোল লগাই লৈ ফুৰাইছিল। কোনো কোনো মানুহক সিহঁতে বাটে পথে মাছ পহুৰ দৰে বান্ধি বান্ধি পেলাই লৈ সিহঁতক জাঠি জোঙেৰে খুচি বিন্ধি মাৰি সিহঁতৰ মঙ্গহ কাউৰী শগুনক খুৱালে। ঠায়ে ঠায়ে সিহঁতে অসমীয়া মানুহ কেতবিলাকক একেটা ঘৰত সুমাই লৈ দুৱাৰ বান্ধি ঘৰত জুই দি জাকি দি পুৰি মাৰিলে। ঠায়ে ঠায়ে মাকৰ বুকৰ পৰা কেচুৱা লৰা কাঢ়ি লৈ মাকৰ চকুৰ আগতে সেই কেচুৱা লৰাক ওপৰলৈ ধোপ মাৰি দি তলত তৰোৱাল পাতি কাটি সেই কেচুৱা লৰাৰ মঙ্গহ মাকৰ মুখত কটিয়ালে। সিহঁতৰ অত্যাচাৰত, সিহঁতৰ উপদ্ৰৱত অসমীয়া মানুহে গাওঁ এৰি হাবিয়ে বননিয়ে পলাল। ভালেমান মানুহ বিজনী, গৌৰীপুৰ, গোৱালপাৰা ইত্যাদি ঠাইত সোমালগৈ। অনেক মানুহ পলাই চিলমাৰি, ধুবুৰীৰ ফাললৈ গ’ল। কিছুমান মানুহ পলাই হেনো ভোটান পাহাড়েদি তিব্বত পালেগৈ। কিছুমান মানুহ সিহঁতে লগতে ধৰি ধৰি ললে।

 এইদৰে নিচলা অসমীয়া জাতিক এফালৰ পৰা কাটি মাৰি নাশ কৰি, বৰনগৰ, ৰূপসী শ্মশানত পৰিণত কৰি হলকান্ত বৰুৱাৰ মানজাকে মইনবৰিৰ ফাললৈ যাবলৈ ধৰিলে।