৪৯৬ অসমীয়া সাহিত্যৰ চানেকি। মনোমতী—(কাপোৰৰ তলৰ পৰা ক্ষুৰখন উলিয়াই দেখুৱাই ) “এই ক্ষুৰেৰ হয় তাৰ ডিঙ্গিত, নহয় মোৰ নিজৰ ডিঙ্গিতে ৰেপ দিম।” পমীলা—“তোমাৰ নিজৰ ডিঙ্গিত ৰেপ দিয়া ভাবটো এৰা। পাৰিলে পিশাচৰ ডিঙ্গিতে ক্ষুৰখান বহুৱাব। মনোমতী —“বাৰু তাকে হলেও কৰিম। কিন্তু কোৱাচোন সখি! তুমিনো কি কৰিবা।” পমীলা—“সখি! মই পিশাচক বান্দৰৰ দৰে নচুৱাম। দুটাক নচুৱাইছে দেখিছাই। কেৱল সেনাপতিক নচুয়াব পাৰা নাই।” এই দৰে দুইও সখীয়েকে কথা বাতৰ পাতি থাকোতেই মিঙ্গিমাহা আহি ঘৰৰ ভিতৰত সোমাল। সি ঘৰৰ ভিতৰত সোমোৱা মাত্ৰেই মনোমতী ভয়তে চুকত সোমালগৈ। চতুৰী পমীলাই মিচিক কৰি হাঁহি এটি মাৰি আগবাঢ়ি আহি মিঙ্গিমাইক কলে :– “সেনাপতি। আজি আমাৰ কি ভাগ্য যে আপুনি আমাৰ ঘৰলৈ আহিল।” মিঙ্গিমাহা— “তোমালোক কেনে আছা। মই তাকে চাবলৈ আহিছোঁ।” পমীলা—“সেনাপতিৰ আমালৈ বৰ মৰম।” মিঙ্গিমাহা—“এৰা বৰ মৰম। আমি তোমালোকৰ নিচিনা গাভৰুক বৰ ভাল পাই নহয়নে? বাৰু! তোমালোক কেনে আছা?” পমীলা —“সেনাপতিৰ অনুগ্ৰহত আমি এই ঘৰৰ ভিতৰতে ৰজাৰ ঘৰত থকা যেন পাইছে।।” মিঙ্গিমাহা—“তোমালোকৰ খোৱা লোৱাত একো দুখ হোৱা নাইতো?” পমীলা—“সেনাপতি! তোমালোকৰ ভাত বিলাক বৰ মিঠা। কিবা সেই ফটিকাবিলাকহে দেখোন কেনেবা কেচেমাকেচেম গোন্ধায়। মিঙ্গিমাহা—“তুমি এতিয়াও ফটিকাৰ সোৱাদ বুজিব পৰা নাই। এবাৰ ফটিকাৰ সোৱাদ পালে বুজিব, ফটিকা কেনে ভাল বস্তু। এবাৰ ফটিকাত মুখ বহিলে সদাই আমাৰ ফটিক। খাবলৈহে মন কৰিবা।” পমীলা—“হব পাৰে। আপোনালোকৰ নিচিনা দিগ্বিজয়ী বীৰ সকলে যেতিয়া ফটিকা ইমান ভাল বস্তু বুলি কৈছে তেতিয়া ফটিকানো কেনেকৈ বেয়া হব পাৰে? আমাৰ খৰ খোৱ৷ জিভাত ভাল নালাগিলেই কি এনে দেৱতাৰ দুৰ্লভ বস্তু বেয়া হব পাৰেনে?” মিঙ্গিমাহা—-“হয়। তুমি যথাৰ্থ কথা কইছা। বাৰু কোৱাচোন তোমাৰ লগৰ সিজনী কলৈ গল।” পমীলা—“তাই ভয় পাই সৌ চুকত সোমাইছে গৈ।” মিঙ্গিমাহা—( ঘঁহি ঘঁহি ) কিহৰননা ভয়। আমি কিবা বাঘনে তাইক খাই পেলাম।” পমীলা—“সেনাপতি। তাই ন ছোৱালী। একোকে নেজানে। সেই দেখি তাই আপোক অহা দেখি ভয়তে মুচকচ গৈ চুকত সোমাইছে।” মিঙ্গিমাহা-“একো ভয় নাই। তাইক এবাৰ ইফালে আহিবলৈ কোৱ।।” মিঙ্গিমাহাৰ এই কথাত পমীলাই সখীয়েকক মাতিলে :--সখি! এবাৰ ইফালে নাহ। কেলেই?” পমীলাৰ এই কথাত মনোমতীয়ে
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৫৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই