ৰজনীকান্ত বৰদলৈ। মনোমতী। মানহঁতে পমীলাকে আৰু মনোমতীকে একে লগে থোৱাত মনোমতীৰ দুখতে অলপ সুখ হৈছিল। ৰাজধালী পমীলাই মনোমতীক নানা তৰহৰ কথা বতৰা কৈ উছাহ দি আছিল; আৰু সেই বিপদৰ সময়ত খুহুতীয়া কথা কৈ মনোমতীৰ উঁই পৰা মনত অলপ ৰঙ লগাইছিল। | মইনবৰি গাৱ তো পমীলা আৰু মনোমতীৰ আজি দুদিন নিৰাহাৰ। মানহঁতে তেওঁবিলাকৰ জাতকুল মাৰিবৰ অভিপ্ৰায়ে তেওঁবিলাকক সিহঁতৰ ৰন্ধা ভাত আনি আনি দিছিল। চতুৰী পমীলাই ঘৰৰ ভিতৰতে নিজৰ কঁকালত থকা হচতিৰ কটাৰী এখানেৰে গাত এটা খানি লৈ মানহঁতৰ ভাতবিলাক সেই গাঁতত পেলাই পেলাই দিছিল; আৰু ভোকে লঘোণে তেওঁবিলাকে দুদিন দুৰাতি কটাইছিল। এতিয়া গধূলি হোৱাত দুইও সখীয়েকে চুক এটাত পৰি ডিঙ্গিত ধৰাধৰি কৰি কথা বতৰা পাতি মনৰ দুখ মনতে সামৰিছিল। মনোমতীয়ে কৈছিল -- “সখি! আমাকননা কিহে পালে?” পমীলা—“আন একো নহয় সখি, আমাক কালেহে পাইছে!” মনোমতী—“সখি! ইহঁতে আমাৰ দেউতাকননা কলৈ নিলে? কি কৰিলে? প্ৰভুয়েনো আমাৰ কপালত ইয়াকেহে লেখিছিলনে?” পমীলা— ‘সখি! ইয়াকে নেলেখিলেননা আমাৰ এনেকুৱা বিলাই কেলেই হল হেতেন?” মনোমতী—“সখি! এই পিশাচহঁতে আমাকননা কি কৰিব খুজিছে?” পমীলা— “ইহঁতে হেনো বুঢ়ী আৰু ছোৱালীবিলাকক কাটি পেলায়। ভাল ভাল গাভৰুবিলাকৰ হেনো জাতকুল মাৰে।” মনোমতী—“সখি! পিশাচহঁতে আমাক ইয়াকে কৰিবলৈহে ৰাখিছেনে?" পমীলা—“এৰা সখি? তোমাৰ ওপৰত মানৰ সেনাপতি তিলোৱাৰ চকু পৰিছে। মোৰ ওপৰত বা বিশেষকৈ কাৰ চকু পৰিছে কব নোৱাৰে।। বাৰু! তোমাক এটা কথা সোৰ্ধে। তুমিনো মানৰ ভাত খাব পাৰিবানে?” মনোমতী—“জীউটো গলেও মই পিশাচৰ তিৰুতা হব নোৱাৰিম।” পমীলা—“যদি বল কৰি সেনাপতিয়ে তোমাৰ গাত ধৰে তেন্তেনো কি কৰিব?”
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৫৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই