ঢৌৱে ঢৌৱে আহা! ফুল-নাও খনি ৰাজহংসে নিছে টানি।
ফুলে ফুলে ফুলি, পদুমী কুমাৰী শিৰত নীয়ৰ মণি॥
ৰঙ্গা হাত ভৰি, ৰঙ্গা মুখখনি, কাঞ্চন উজলা চুলি।
নাচিছে আটাই দিগম্বৰী বালা গাইছে প্রভাতী বুলি।
নাগ বালা শাৰী ধৰিছে চাপৰি শুনিয়ে আনন্দ-মিলা।
মানুহ লােকৰ নােহে ৰূপ খেল, নজনা বিচিত্র লীলা॥
এন্ধাৰ পােহৰে মিলন মাধুৰী, ৰূপৰ ধেমালী দৰা।
কিবা কি বিচাৰি কেজনী বুৰ দি উঠিল পনীৰ পৰা ।
মুকুতাৰ মলা আঁৰি হাঁহ-গলে, চুমাৰে ৰঞ্জিলে ঠোঁট।
এৰা পাই হাঁহ, ফুৰিছে বনাই, চৰিছে দুদুটি গােট।
কতো জনী গই পদুমৰ ৰেণু ঘঁহিছে সর্ব্বাঙ্গময়।
ৰাঙ্গলী জনীয়ে চিঙ্গি পদ্ম চুলি মুঠিয়ে মুঠিয়ে লয়॥
অথিৰ চঞ্চল ইজনীয়ে হাঁহি সিঁচিছে হাঁহলৈ পানী।
সখীলৈ এছাটি মাৰিয়েই আকৌ বুৰিল টুপুকী জনী॥
‘মৰম পিয়াওঁ' বুলি কতােজনী হাঁহক পিয়াহ দিয়ে।
পদুম পাতত উঠি ডিঙ্গি ধৰি হালে জালে দুজনীয়ে॥
কেতেকী চৰাইয়ে ‘কত কি ? কত কি ?' দিলেহি দিনৰ হাক।
ফুলাম ছইৰ তল-পৰা কোনে মাতিলে মৃদুল বাক ?
বীণাৰ জোঁকাৰ, মলয়া বতাহে উটাই আনিলে যেন।
জলৰ কুৱঁৰী কুৱঁলী মাজেৰে পৰ্ব্বতজীয়াৰী হেন॥
গলত হীৰক খােপাত মাণিক, হাঁহিত মুকুতা পান্তি।
নীলােৎপল হাতে, চৰণৰ পাশে শঙ্খৰ ধৱল কান্তি॥
সুদূৰ পূবত উষাদেবী সৈতে মিলিলে কুঁৱৰী গই ;
মিলন হাঁহিৰে উজলি চৌদিশ লুকাল পােহৰ ময়ী।
আনন্দ লহৰী, নাচি পৰি হাঁহি গাইছে কুলুলু তান।
বেলিৰ কাঞ্চন-পােহৰৰ ঢৌৱে উটালে প্রাণীৰ প্রাণ!
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৫২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮৯
জলকুঁৱৰী।