তেজিমলা।
তেজগোৰা বেলি, জিলিঙ্গনি মেলি সাবটিব আহি ধৰা;
পুৱাতে মলয়া, উঠি ছয়াময়া, বোলে উঠা তেজিমলা!
মেঘ মলা ৰঙ্গা, পিন্ধি দিগঙ্গনা সিঁচিছে আশাৰ ধাৰি।
উত্ৰাৱল পানী, ৰঙ্গা হাঁহি সানি, খলকিছে ছুই ভৰি।
ৰূপতে ৰূপ তুলি, পাৰিজাত ফুলি, তেজিমলা জকমকায়।
চাৰিও কাষে বেৰি, মুকলি সামৰি, পানীৰ লতা বগায়।
মানুহ কুটুমে, দলিয়াই পেলালে, কাকনো কুটুম পালি?
মৰমে সাদৰে, আজলী কুঁৱৰী, এটাইকে নিজা কৰিলি।
তোৰে পানীৰ চৰাই, সাঁতৰি ফুৰিছে, কতো বা উৰিছে বনাই।
মলয়া বায়ুৰে, মিতিৰ পাতিলি,-ঘৰৰহে বতৰা নাই।
দুপৰীয়া বেলি, পানীয়ে উছালি, সিঁচিছে মুকুতা তৰা।
ফটিক পানীৰ মাজে মাজে ধীৰ, চৰিছে পোৱাল দৰা;
সোণৰূপ মাছ আহিছে গইছে, ঘৰ পোহনীয়া দৰে।
মনত পৰেনে, কপৌ জুৰি তোৰ, মাতিলে হাততে পৰে?
ফুলবাৰীখনি, পৰিয়েহে আছে, চৰেনে হৰিণাজনী?
কোনে ভু-লইছে, মৰমৰ তোৰ শাঁৱলী পোৱালি কণি
সখীৰ বাতৰি, কোনে কব পাৰে,-তোৰ জীৱনৰ লগ!
মৰমৰ সখী, আঁতৰালে, কোনে, আকৌনে মিলিব সঙ্গ?
কুমাৰী ছোৱালী, কুটুমে পেলালি, দলিয়াই মৰম ফেৰি।
মানুহে মানুহে, ইমানহে মৰম, চকুলো পৰে সুৱৰি!
মানুহৰ চোতালত, মাধুৰী ফুটিলে, মানুহে নিচিনি হায়!
সাৰি তুলি ছিঙ্গি, মোহাৰি পেলালে, মানুহৰ মৰমো নাই।
মৰমৰ পানী নোহোৱা ঠাইত, কেনেকৈ বিশ্বাস হয়?
সেয়ে তেজিমলা, দুৰৈতে শিপাই, পাৰিজাতে হই ৰয়।
শকত বান্ধেৰে, তলিৰ সইতে, বান্ধিলে নিছিগা কৰি,
ধুমুহা বতাহে, খঙ্গ ৰাগে আৰু কিনো কৰিব পাৰি।