৪৮২ অসমীয়া সাহিত্যৰ চানেকি। কাইট নথকা ৰূপহ গোলাপ, | বোলে পৃথিবীত নাই, একোকে নেমাতি প্ৰিয়াৰ দুগাল, থাকিব ধৰিলে। চাই। কত আছে এনে অপূৰ্বৰ পদুম, | ৰাতি দিন থাকে ফুলি! চকুৰে দি ঠাৰ দেখালোঁ। প্ৰিয়াক মুখেৰে একো নুবুলি। প্ৰেমৰ পুতলা চেনেহ প্ৰতিমা, কোন খনিকৰে কৰে? যেয়েবা কৰক, | সেইটি প্ৰতিমা, এই চোৱা মোৰ ঘৰে। প্ৰিয়তমাৰ সৌন্দৰ্য্য। কেলেই লাগিছে সেন্দুৰীয়া গাল ফড়িং প্ৰেমিকৰ জুই; কোৱা ভাতুৰীয়া ওঠৰ তলত ফেটী সাপ থাকে শুই। কিয় বা লাগিছে তিৰবিৰ চকু যেনে স্বৰগৰ তৰা, ওখ বুকু কিয় লৱনু কোমল মদন পিচলি পৰা। কি কাম দীঘল মেঘ বৰণীয়া সাগৰৰ ঢউ চুলি, প্ৰেম পগলাৰ হদয় তৰণী বুৰি পায় গই তলি। মৃণাল দুবাহু কিকাম সাধিব মত্ত প্ৰণয়ীৰ ডোল, মিহি মউ মাত বিয়াধৰ বাঁহী ৰাখে কৰি মুঠে ভোল। সুগোল সুঠাম সবলি বলিত বাহু জঙ্ঘা উৰু কৰ, সকলে! বিলাক চোকা চোকা অস্ত্ৰ শনাইত সুতীক্ষ শৰi নেলাগে সুন্দৰী মন প্ৰাণ হাৰী, দিয়া মোক এনে হিয়া; যি হিয়াত মজি মোৰ এই হিয়া হই যায় নাইকিয়া। দিয়া এনে প্ৰেম যি প্ৰেমে বেলেগ অস্তিত্ত্ব বিলোপ কৰে, ভালপোৱা মই দিয়া এনে মোক চিৰকাল ৰাগি নেৰে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৪৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই