অসমীয়া সাহিত্যৰ চানেকি। পতি গৃহে যান্তে আই কান্দিলা বিস্তৰ। মোৰৰ পিতৃ মাতৃ শোকে দহিলে অন্তৰ॥ ভাল ভাল দ্ৰব্য মাতৃ বিচাৰি আনিয়া। গৃহে আসি মোক দিয়ে হাঁসিয়া হাসিয়া॥ শুদ্ধভাৱে পতি পদ পূজি কত কাল। ছিলে। সুখে হয় বিধি পাতিলা জঞ্জাল। অকালে কাল মোৰ বুকুহন্তে চিৰি।। কোন সতে পতি মোৰ নিলি বধি তিৰি। নিজ কাৰ্য্য যথামতে সমাপিয়া পতি। মৰমৰ মাতে মোক মাতে হৃষ্টমতি॥ অমীয়া মাতত অভাগিনী মুগ্ধ হৈয়া। নিজ পুতেকক দিবো কোলত তুলিয়া। লক্ষ লক্ষ চুমা দিয়া পুত্ৰৰ গালত, “হোৱা বুলি ক্ষণে দিব মোহোৰ হাতত৷ সুখ দুঃখ বাৰ্তা শুনি শুনি মোত হন্তে। পুত্ৰ বুকে বান্ধি পতি শুব শুশ্ৰুষন্তে। মহা যত্নে ভোজন কৰাই আলধৰি। আছিলো পতিক সদা হায়; গলা এড়ি। কোনে তবু পুত্ৰ মুখে চুম্বি কোলে লব। কান্দিলে পুলে, কোনে লোৱা বুলি দিব। মাটিত বাগৰে যিতো ছিলে তযু বুকে। কোনে পুতৌ কৰে প্ৰাণ ফুটে মোৰ শোকে কোলে তুলি ঘিউ মৌ খুৱাই তুলিছিল। এবে দিব খাম বুলি ভোত মৰিলা। যৈতে নিদ্ৰা আসে তৈতে পড়িয়া থাকয়। সাৰ পাই পুত্ৰে তযু কোলা বিচাৰয়। ছেই ছেই মাত্ৰ মাত পাৱে দিনে ৰাতি। কলৈ গলা প্ৰভু মোৰ হিয়া যায় ফাটি।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৪৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই