৪৭৮ অসমীয়া সাহিত্যৰ চানেকি।। উঠা উঠা প্ৰিয় বন্ধু, কত আছা পৰি, এই কি তোমাৰ উপযুক্ত শোৱা পাটী? মখমল্ কম্বলাদি, শিমলুৰ তুলি গাদি যি সবতো শুই গাৰ তেজ গৈছিল মৰি, এতিয়া সি সব এৰি কলা পাত মাটি!! জুৰ আদি এড়ি সুস্থ অবস্থায় যাৰ, নোৱাৰে কোমল ভৰি পেলাব মাটিত, তেনে ভৰি আজি হায়! কেনে গড়াগড়ি যায়, খোলাতো লুটিয়া দুখ নাই হোৱা তাৰ, নিয়ৰত পড়ি সুখ লভিছে ৰাতিত॥ কোৱা কেলৈ আমাক নকৰা সম্ভাষণ? নসম্ভাষা বুঢ়ী আই ভাৰ্য্যাক তোমাৰ। “পিতা-পিতা—" বুলি আতি আফুটনি মাত মাতি, চোৱা জীয়াই কেনেকৈ কৰিছে দেন, মমতাই কি তোমাক কৈলে পৰিহাৰ? আউলী বাউলী স্ত্ৰীক চোৱা চকু মেলি। এড়ি লোক লজ্জা-ভয় কান্দিয়া অস্থিৰ দেখি হিয়া ফাটিযায়, কাণ্ডাকাণ্ড জ্ঞান নাই, ধৰিছে তোমাৰ হাত ভৰি হাত মেলি, চুম্বিছে বিবৰ্ণ মুখ গ্ৰাণিছে শৰীৰ। কিবা তুমি পাহৰিলা দুখ বিধৱাৰ। স্মৰিলে শিয়ৰি নোম যাই যাৰ গাৰ। চোৱা কাতি কৰি মূৰ বৈধব্য যন্ত্ৰনা সুৰ, থপিয়াইছে ৰংমনে ভাৰ্যাক তোমাৰ। উঠা অস্ত্ৰ লই তাক কৰাহি সংহাৰ। কিহব কান্দিলে শোক কৰিলে, কিহব? অনিত্য সংসাৰ বিধি কৰিলে সৃজন।।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৪১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই