এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
সন্ধ্যা। ৪৭৫ যেহেন ধ্ৰুবৰ মণ্ডলত, সপ্ত ঋষি জ্বলে ওপৰত, দেখি মন যাক, তৃপ্তি যুত॥ কুঞ্জৰ তালকা শ্ৰেণী শোভে, ঘূৰিয়া বতাহ যাব লোভে, থাকি থাকি ধেমালি কৰিছে। ৰূপ দেখি পশ্চিমত স্তম্ভি, সূৰ্যে অস্তচুড়া অবলম্বি ভৰাইয়া নয়ন চাহিছে। কিন্তু হায়! কিনো দুৰ্ভগীযা, দেখোতেই পড়িল খসিয়া, সংসাৰৰ মায়া আচৰিত। তথাপি আমাৰ মৃঢ় মন, মৰা মন অতি অবুজন, মৰে মজি ক্ষণিক সৃষ্টিত। ঝিলি নুপুৰৰ ৰূপ ধৰি, বাজে পাৱে ৰুনু জুনু কৰি, সি ধ্বনিত পমি যায় মন। সহচৰী ফেঁচায় উৰুলি। দিয়ে থাকি থাকি সুৰ তুলি শুনি হিয়া হয় উচ্চাটন।। শঙ্খ বাদ্য কাৰী শিয়াল, হোৱা হোৱা ৰব খৰতৰ, দিশ বিদিশক পূৰি যায়। - হাম্বা শব্দে গৰুৰ পোৱালী, খোজে খোজে উৰুৱাই ধূলি, গোমুখৰ বাদ্যক বজায়॥