৪৭২ অসমীয়া সাহিত্যৰ চানেকি। আত্ম-গৌৰৱৰ চিন। এই ভেমৰ কথা অনি কি “বিলাইত গেজেপতো” (gazette ) ফটফটীয়া আখৰেৰে মৰা আছে। ত? | অনুসন্ধানেচ্ছ৷ অসমীয়াৰ কিমান প্ৰবল, তাক কবলৈ ব্ৰহ্মাৰ চাৰি মুখ ধাৰ কৰিব লাগিব। আত্মবিসৰ্জন আৰু পৰোপকাৰিতাও তদ্বৎ। লোকক ভাল কৰিবৰ ইচ্ছাৰে অৰ্থাৎ পৰোপকাৰায় আত্মবিসৰ্জন কৰি অৰ্থাৎ আপোনা সময় খৰচ কৰি অনুসন্ধিৎসু অসমীয়া পৰৰ দোষ-ছিদ্ৰাদি অনুসন্ধানত সদায় তৎপৰ। এনে বিলাক মহৎ গুণ একাধাৰে কোন জাতিৰ আছে? আমাৰ নাই কি? উমানন্দ আছে, কামাখ্যা আছে, জয়সাগৰৰ দল আছে, শিৱসাগৰৰ দল আছে, ব্ৰহ্মপুত্ৰ আছে, দীখে আছে, অসমীয়া শেক্সপিয়েৰ আছে, অসমীয়া শেলি আছে, অসমীয়া পন্ অব ৰম আছে, অসমীয়া মাৰ্টিন লুথাৰ আছে। অসমীয়াৰ কল-কাৰখানা বা নাই? কুঁহিয়াৰ পেৰা কলৰ পৰা এন্দুৰ মৰা কললৈকে, বাড়ীয়ে ধাপে অসমীয়াৰ কলৰ অন্ত নাই। বিলাতত টেমচ, আমাৰ দিখৌ। বিলাতত জাহাজ, আমাৰ খেলনাও। লোকৰ ছাপাখানা, আমাৰ “মদতখানা”। ৰেইল গাড়ীতকৈও আমাৰ ভাল বস্তু আছিল, যেনে, কৃষ্ণ কুন্তিনলৈ বা সদিয়ালৈ যোৱা ৰথ। বেদনিধিৰ নিচিনা হৰকৰাই আমাৰ অসমত চিঠি বিলাইছিল। মোমাই তামুলী বৰবৰুৱা, নৰকাসুৰ, ভগদত্ত, নৰনাৰায়ণ ৰজা, বব্ৰুবাহন, লেকাই চুতীয়া, হিড়িম্বা, কেন্দুকলাই বাপু, বশিষ্ঠ, পূৰ্ণানন্দ বুড়াগোঁহাই, অনন্ত কন্দলী, মণিৰাম দেৱান, শঙ্কৰদেৱ, কলা অধ্যাপক, ৰুদ্ৰসিংহ ৰজা আৰু শিৱসাগৰীয়া বৰুৱা এই এটাইবোৰ অসমীয়া। তেন্তে, “আউৰ ক্যামাং হেয়?” কোনোৱে কয় অসমত পকা ঘৰ নাই। সেইবোৰে পাহৰে যে অসমত ভূইকঁপ আছে। পকা ঘৰ জানো আমি সাজি লব নোৱাৰে।? ভূইকঁপৰ দৌৰাত্মত পকাঘৰ সাজো কেনেকৈ? আকৌ কয় অসমীয়াৰ টকা নাই। সেইবোৰে আকৌ পাহৰে যে “অৰ্থমনৰ্থং ভাবয় নিত্যং। নাস্তি ততঃ সুখলেশঃ সত্যং।” অসমীয়া মানুহ ইমান মূখ হোৱা নাই যে টকা উপাৰ্জন কৰি চিন্তাচৰ্চা বঢ়াই অনৰ্থৰ গুটি সিঁচি লব। বিশেষতঃ “অসমত একালো নাই, ভালো নাই।” বুধিয়ক অসমীয়াই বেছ জানে যে অসমত ভঁৰাল হলেই একাল হব, গতিকে তেওঁ সেই ফালে কিয় কাৰবাৰ কৰিব? কোনোৱে কয় “অসমীয়াই বেহা-বেপাৰ নকৰে, সোৰোপ। অসমীয়াই মান মৰ্যাত সকলোকে দলিয়াই পেলায় দোকানী, পোহাৰী আৰু বেপাৰী হলেহে এই ললপীয়াকৈ কথা কোৱাবোৰৰ সুখ লাগে। অসমীয়াই আপোন ৰজা হেৰুৱালে ৰাজ্য হেৰুৱালে স্বাধীনতা হেৰুৱালে, শেহত এই কুৰ্চিতীয়াখনৰ কথা শুনি খোদাবকচ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৩৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই