- ৪৭০
অসমীয়া সাহিত্যৰ চানেকি। চাহাব। পেটৰ ভিতৰত বেয়া বস্তু “চি-কমিচন্” চাহাবৰে। অছে, “গগৰ্ণমণ্ডলৰো” -Government) আছে। অসমীয়াৰ ঘৰৰ ভিতৰত কেনে অৱস্থা তাৰ দ্বাৰাই অসমীয়াৰ ডাঙ্গৰ-সৰু ঠিক কৰিবলৈ যোৱা সকলৰ বুদ্ধিৰ বৰবৰুৱা চাহাবে শলাপ লব নোৱাৰে। ধৰ্ম্মনিষ্ঠা।—কোনে কয় অসমীয়াৰ ধৰ্ম্মনিষ্ঠা নাই? “কওনেৱালা” সকলে অসমীয়াই কৰা, ৰাজহুৱা বৰসবাহ, ৰাজহুৱা কালীপূজা আদি দেখিছেনে নাই? যদি নাই দেখা, কোনখন মুখেৰে তেওঁবিলাকে তেনেকথা কয়? বৰবৰুৱাই স্বচক্ষে দেখিছে, বৰসবাহৰ দিনা উবুৰি হোৱা লৰাৰ পৰা উবুৰি-হোৱা বুঢ়ালৈকে সকলো অসমীয়াই ৰাজহুৱা নাম ঘৰলৈ গৈ ভস্মৰ ফোটলৈ জপিয়াই জপিয়াই হাতবাউলি দি “কালয় জগৰে লৈ যায় টা—আ —নি” গোৱ। অৱশ্যে কালীপূজাৰ দিনা বহু নৈষ্ঠিক অসমীয়া ভক্তই কালীতকৈ পাঠাত ঈষৎ বেচি তৎপৰ হয়। কিন্তু তাত নো দোষ কি? ভক্তৰ লক্ষণেই সেই। ঈশ্বৰতকৈ ঈশ্বৰৰ প্ৰসাদ ডাঙ্গৰ, শাস্ত্ৰত আছে। আকৌ সোধো, “কওনেৱাল।” সকলে অসমীয়াই সন্ধ্যা কৰা, পূজা কৰা, অশোকাষ্টমী মাঘীসপ্তমীতে স্নান কৰা, ফাকুৱা খেলা, অশুচি হাতী মাহুত খেদাই নিজে মাহুত হৈ হাতী চলাই নিজ গুৰুক অনা দেখিছানে নাই? নিন্দকে কয়, “অমীয়াৰ সন্ধ্যা মানুহ-দুনুহ দেখিলে দীঘল হয়, নেদেখিলে ছুটি হৈ জপ নাইবা তদভাবে, এটা যৱ প্ৰমাণ, অৰ্থাৎ য ধানৰ তুল্য সৰু প্ৰমাণত পৰে। দুৰ্গাপূজাদিত দেৱৰ গ্ৰামবাসী নকীবৃন্দৰ পূজাভাগ দেৱীৰ ভাগতকৈ অলপ বৰ্ধিত হয়। অশোেকাষ্টমীৰ স্নানতকৈ ব্ৰহ্মপুত্ৰৰ বালি-ভাতত তীৰ্থযাত্ৰী সকলৰ ভাব বেচি হয়। ইত্যাদি ইত্যাদি।” নিন্দকৰ নিন্দা কৰোঁতেই কাল যাব। সজ কথাত পেঙ্গলাই কৰ৷ যাৰ স্বভাৱ তেনে শিখণ্ডীক দেখিলে বৰ- বৰুৱাই হাতৰ ধেনু-কড় দলিয়াই পেলায়। হানি কি, অসমীয়া নৈষ্ঠিক ধাৰ্মিক- সকলে পূজাসন্ধ্যাত নিমগ্ন হৈ থকাৰ মাজৰ পৰা মাজে মাজে “হেৰ ভাত হল নে? ছুঃ! ছু! হেৰ চোতালত মেলি দিয়া ধান গৰুৱে খালে” ইত্যাদি কথা কয়। শাস্ত্ৰত কৈছে, “আগেয়ে চাউল কঠা, তাৰ পাছতহে হৰি কথা।” যদি হৰি কথাত লাগি থাকোতে গৰুৱে চোতালৰ চাউল-কঠা খাই আজৰি কৰে, তেন্তে দেখোন বাপুৰ চিলিম ছিগিল, দিনৰ দিনটো কাপ-কাপকৈ থাকিব লাগিব। বিশেষ, ইমান খেৱা-জীয়াৰ লক্ষণ যি জাতিত আছে, সেই জাতি যে সোণৰ জখলাৰে নামি অহা আহোম ৰজাৰেসৈতে আকৌ উঠি গৈ হাতত হেংদাং হস্তে স্বৰ্গ প্ৰবেশিব, তাক কোন মাইকীৰ পোৱে নুই কৰিব পাৰে?