পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া জাতি ডাঙ্গৰ জাতি। ৪৬৯ যে পেলাওঁতে নায়েই হালৰ আৰু গাড়ীৰ গৰুৱেও অসমীয়াত আই লব। কেছাৰীৰ আমোলা ডাঙ্গৰীয়াসকলত সুধিলেই আমুকাইৰ কথাৰ সঁচা মিছাৰ প্ৰমাণ হব। এই গুণো বৰ গুণ। গৰুৰ এই সহন গুণ আছে দেখিয়েই, অৰ্থাৎ তাৰে হাল বাব পাৰি দেখিয়েই, গো আৰু ব্ৰাহ্মণক বেদে একে শাৰীত থৈছে, আৰু ব্ৰহ্মাৰ মুখৰ পৰা ওলাইছে বুলি কৈছে। অসমীয়াও গতিকে গো-জাতিৰ তুল্য, আৰু ব্ৰহ্মাৰ মুখ হন্তে বাজ। কোনো প্ৰত্নতত্ববিদ পণ্ডিতে অনুমে, গো ব্ৰহ্মাৰ মুখত এবাৰ প্ৰথমতে নোসোমালে তাৰ পৰা ওলাব কেনেকৈ? গোহালিত গধূলি গৰু নুসুমালে, পুৱা তাৰ পৰা উলিয়াব কি? বৰবৰুৱাই কিন্তু এনে অসন্ত কথালৈ কৰ্ণপাত নকৰে। | একতা।—একতাৰ বিষয়ে অসমীয়া জাতি পৃথিবীত অদ্বিতীয়। একতা মানে একেতা, অৰ্থাৎ এটা, অৰ্থাৎ গাইপতি এটা এটা, গোট গোট। অসমীয়া মানুহ গাইগোটা পেটে ভঁৰাল বুলি ভুবন বিদিত। অসমীয়া আপুনি শকত, তেওঁ কেতিয়াও নিবিচাৰে পৰৰ ভকত। লোকৰ dependent পৰমুখাপেক্ষী বুলি অসমীয়াক কোনেও দোষৰ চাত দিব নোৱাৰে। যদি একতাৰ নিচিনা মহৎ গুণ এটা অসমীয়াৰ থাকিল, তেন্তে তুমি আৰু অসমীয়াৰ গাত কি বিচাৰ? আৰু কিবা লাগে যদি চোৱ।।। | স্থিৰতা।-অসমীয়া যে অস্থিৰ এইটো কথা নো তুমি কত শুনিলা? বোধ কৰো তুমি কতো কানিখোলা দেখা নাই। . গাম্ভীৰ্য।—অসমীয়াই কথা কৈছে নে, গহীনকৈ ডবাতে কোব মাৰিছে, তত ধৰিব নোৱাৰি। বিশেষকৈ, অসমীয়া ডাঙ্গৰীয়াৰ প্ৰাতঃকৃত্যৰ পৰা সায়ংকৃত্যলৈ- কে গহীনতাৰ ইমান ধুমধাম যে “গহীন নভে গহীনাই কৈ তাৰ অন্ত কৰিব নোৱাৰে। বাহাড়ম্বৰ।—ডাঙ্গৰ লোক বুলিলেই বাহিৰা আড়ম্বৰ আছে। অমৰাৱতীৰ সহস্ৰলোচনৰ পৰা শিলাকুটী মৌজাৰ বৰমেধি ত্ৰিলোচনলৈকে আমি ইতস্ততঃ যি সমুদয় বাহাড়ম্বৰপূৰ্ণ প্ৰাণী দেখিবলৈ পাও, সেই সমুদয়কে ডাঙ্গৰ মানুহ বোলে। অৱশ্যে তাৰ ভিতৰতে চেতন, অচেতন, উদ্ভিদ আছে। ডাঙ্গৰ অসমীয়া জাতিৰৰ যে এই বাহাড়ম্বৰ থাকিব তাৰ কোনো বিচিত্ৰ নাই। সৰহ কি, ইন্দ্ৰৰ মেঘাড়ম্বৰ অসমীয়াৰ বাহাড়ম্বৰ। অসমীয়াৰ শোৱাপাটীৰ পৰা চালৰ মাজে দি দৃষ্টিপাত কৰিলে আকাশ নয়নগোচৰ হয়, কিন্তু তাত হানি কি, আলিবাটলৈ ওলালে তেও চুৰীয়াই, কাপোৰে, ঠেঙ্গাই, বুকু-খোলা কোটে, জমিদাৰৰ লৰা বা চুনাগলীয়া বৰ