৩য় বক্তৃতা।—তিতাবৰ মৌজাৰ গোফীয়াগোহাঁয়ে জুলীয়া পিঠাগুড়ি এবাটি পি খাই, পাহৰি মুখ নোখোৱাকৈ এটা বৰ সবাহত গৈ বহিছিল; পাছে পাতল ডেকা লৰা এমখাই তেওঁৰ মুখলৈ চাই গিৰ্জ্জনি মাৰি হাঁহি দিলত গোহাঞদেউৱে খং কৈ সবাহৰ পৰা একেচাতিয়েই উঠি আহি ঘৰত দাপোণত মুখ চাই ঘৈনীয়েকৰ পিঠিত চোৰাত মেলিলে।
৪ৰ্থ বক্তৃতা।—হব-খোজা কন্যা এজনীয়ে হব-খোজা দৰা এজনক বাৰৰ জলঙ্গাইদি জুমি চাই দাড়িয়ে গোফে ভোবোকাৰ দেখি তেওঁলৈ বিয়া নোসোমাওঁ বুলি কৈছে!
৫ম বক্তৃতা।-পিকিন নগৰৰ পৰা ফু-ফু চাহাবে মোলৈ বুদ্ধি সুধি পঠিয়াইছে বোলে, সেই নগৰত কোনো ‘ফটোগ্ৰাফৰে’ তেওঁৰ মুখত দীঘল দাড়ি থকা বাবে তেওঁৰ ছবি নেতোলে। ইফালে তেওঁৰ মেমে দঢ়াই দঢ়াই তেওঁৰ ছবি খুজি পঠিয়াইছে। দাড়ি-গোফ খুৰাই ছবি কৰাবলৈকো মেমে চিনি নেপাব, গতিকে চাহাব মহা মস্কিলত পৰিছে। ময়ো বিবুদ্ধি!
৬ষ্ঠ বক্তৃতা।—জৰ্ম্মেনীৰ পৰা পেটতে হাত ভৰি লুকুৱা বাতৰি আহিছেঃ- তাৰ গুচৰীয়া পদকীয়া বিলাকে ষড়যন্ত্ৰ কৰিছে, ‘দড়িয়া উকীলক কোনো গোচৰতে উকীল নধৰোঁহঁক বুলি’!
৭ম বক্তৃতা।—আমেৰিকাত এফ্ হালোৱা নামে পকা বৈজ্ঞানিক পণ্ডিত এজনে কুৰি বছৰ ভাবি ভাবি ঠিক কৰিছে, বোলে বৈজ্ঞানিক ৰূপে খুৰেৰে মানুহৰ মূৰটো ডকচি তাত সাৰ-জাবৰ দিলে খাগৰি একোডাল যেন শকত হৈ চুলি গজিব। আৰু কৈছেঃ—দড়ীয়া মানুহে সকলো খোৱাবস্তুতে গাইমুৱা মানুহতকৈ বেচি সোৱাদ পায়। ( ভালেতোহে বৰ বৰুৱাই নিজ হাতৰ নখ সদাই কামুৰি থাকে।)
৮ম বক্তৃতা।—বষ্টন নগৰত ৩০০ গাভৰু গোট খাই “দাড়ি নিবাৰিণী” সভা স্থাপন কৰি বক্তৃতা দি, আন্দোলন কৰি তল-ওপৰ লগাইছে। তেওঁবিলাকৰ ভিতৰত যাৰ দড়ীয়া গিৰিয়েক আছে তেওঁ তেওঁৰ স্বামীক হয় নিদড়ীয়া কৰিব, নহয় তেওঁক পৰিত্যাগ কৰিব। বিয়া-নোহোৱা সকলে দড়ীয়া মানুহলৈ বিয়া নোসোমায়! ( ইহঁতৰ তাপত দেশ এৰিব লগাত পৰিলোঁ দেখিছোঁ!) ইতি—
প্ৰত্নতত্ববিদ্ পণ্ডিত মহামহোপাধ্যায়
শ্ৰীকৃপাবৰ বৰবৰুৱা।
⸻