পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬৪
অসমীয়া সাহিত্যৰ চানেকি।

মনুষ্যমুণ্ডৰ স্থানে স্থানে সংযোজিত হল। মস্তক সংযোজিত সমুহ চুলি, গালত আৰু ওঠত সংযোজিত হোৱা সমূহ দাড়ি আৰু গোফ নামে খ্যাত হল। কোকিল- মৎস্যন্য লক্ষণং বিদ্যতে অত্ৰ ইতি দাড়ি। চলতি বায়ুভৰেণ ইতি চুলি। গো ফলত্যত্ৰ গোফঃ ইতি দুগ্ধবোধঃ। অৰ্থাৎ ককিলা মৎস্যৰ দাঁড়ৰ লক্ষণ ইয়াত বিদ্যমান দেখি দাড়ি; বায়ুৰ কোবত লৰে দেখি চুলি, আৰু বেদৰ ফল ইয়াত ফলে দেখি গোফ বুলি দুগ্ধবোধ ব্যাকৰণে উক্তি কৰিছে। হে মহাভাগ! দাড়ি, গোফ, আৰু চুলিৰ এবম্প্ৰকাৰে সৃষ্টি হল। এই সমূহ বৰ্ত্তমান যুগত সাধু-চৰিত্ৰ, পৱিত্ৰ- হৃদয়, ধীমান মহন্তসকলৰ দ্বাৰাই কিৰূপে ব্যৱহৃত হৈছে সি ভৱাদৃশ মহৰ্ষিৰ অবিদিত নাই। ভবিষ্যতে এই সকলৰ কিৰূপে ব্যৱহাৰ হব তাক পূৰ্ব্বে মই ভবিষ্য পুৰাণত কলিযুগৰ ধৰ্ম্ম কথনোপলক্ষে ব্যাখ্যান কৰিছোঁ সম্প্ৰতি ভৱদীয় আনন্দবৰ্দ্ধনাৰ্থ উক্ত পুৰাণৰ পৰা বাক্য উদ্ধাৰ কৰি ব্যক্ত কৰোঁ।”

 পাঠক! আপোনাক এই খিনিতে এটি কথা কওঁ। ধৰ্ম্মপক্ষীৰ ভবিষ্যপুৰাণৰ পৰা উদ্ধাৰ কৰি কোৱা কথাৰ ভাষা ইমান কেৰকেৰীয়া, যে তাৰ অৰ্থ অৱগাহ কৰোঁতে মই হেন পণ্ডিতৰে ‘গোৰঘামে যাই বহি’ হৈছে, আৰু ‘ইতৰস্য কা কথা।’ সেই দেখি তাক ভাঙ্গি পিঠাগুৰি যেন কৈ তলত দিলোঁ, এৱাঁগাখীৰ এটুপি আৰু গুড় অলপমান খৰচ কৰি সানি খাব। ঢোদৰ পছলা হৈ বহি থাকিলে নহয়, মই সানিপিটিকি নিজে খায়ো দিব নোৱাৰোঁ; মোৰ আজৰি নাই।

 “কলিত দাড়ি, গোফ, আৰু চুলিৰ বৰ আদৰ হব। ফকিৰ-ফকৰা বৰাগী- ব্ৰহ্মচাৰী সকলোৱে ইয়াকে পিন্ধিব। চুলিয়ে ফকিৰৰ মূৰত মোহনী ভাঙ্গৰ কলি যেন হৈ, দাড়িয়ে ব্ৰহ্মচাৰীৰ গালত মকড়াৰ জালৰ নিচিনা হৈ, আৰু গোফে সোণাৰিৰ মুখত মহৰ শিং যেন হৈ শোভা কৰিব। ভাৰতবৰ্ষৰ উত্তৰ পশ্চিম ফালে কামপিঠ বা কামৰূপ বা আসাম নামে প্ৰদেশত চুলিৰ বৰ প্ৰভাৱ হব। তিৰোতা, মটা, সকলোৱে মেলি দিলে কলাফুলত পৰা চুলি বৰ ভাল পাব। মটাই সেই চুলি মূৰত জখলাখুপীয়াকৈ লৈ উধানটি যেন কৰি বান্ধি থব। জাপীৰ টুপটিক যেনেকৈ বাওটোৱে চাৰিওফালে বেঢ়ি থাকে, সেই উধানটিকো পাহকটা ছুটি চুলিয়ে চাৰিও ফালে বেঢ়ি থাকিব। ইয়াৰ পিছত লাহে লাহে কলিযুগৰ শেহলৈ সেই দেশৰ ডেকাসকলে উধানটি বেয়া পাই খহাবৰ ইচ্ছা কৰিব, আৰু খোপবিলাকে। সমান কৰিবৰ অভিলাষ কৰিব। উধনীয়া বুঢ়াসকলে সেই ইচ্ছাৰ বিৰুদ্ধে কঁকালত টঙ্গালি বান্ধি সাজু হব। দুই দলৰ ভিতৰত তুমুল ৰণ হব। উভয় ফালৰে ৰথী-মহাৰথী সেই দোৰ্ঘোৰ সংগ্ৰামত ভালেমান পৰিব। শেহত দুই দলৰে ভিতৰত সন্ধি স্থাপিত