ই নানা প্ৰকাৰে প্ৰকাশিত হয়। সেই দেখি, তেওঁবিলাকৰ মুখ জাপ খাই থকাতো, এই ভাব অন্তৰে অন্তৰে দুয়ো কোৱাকুই কৰিব পাৰিছিল।
আমি আকৌ আগৰ কথালৈ যাওঁ, পদুমৰ মনোবেদনাৰ কাৰণ কওঁ। এই বিলাক সুখ সমাজিকৰ মাজতে হঠাৎ পদুমৰ চেতনা হল; অকস্মাৎ তেওঁৰ মূৰত আকাশী-চৰগ ভাগি পৰিল। তেওঁৰ সখীয়েকে আহি হঠাৎ এটা আমঠু কলা পৰি যোৱা বাতৰি তেওঁকা দিলে। বাতৰি শুনি চৰগ-পৰা যেন হৈ অলপমান থৰ হৈ থাকি তেওঁ লুটি খাই পৰিল! সখীয়েকে তেল-পানী আনি মূৰত থপিয়াই দি বিচি বিচি পদুমৰ চেতনা আনিলে। জ্ঞান পাই তৰা যেন চকু দুটি মেলি লাহেকৈ পদুমে সুধিলে,-“সখি, তুমি ধেমালি কৰিছা নে কি? ধেমালি কৰিছোঁ বুলি কোৱাঁ সখি!”
“মই নো এনেবোৰ কথালৈ তোমাৰে সৈতে ধেমালি কৰোনে সখি?” এই বুলি সখীয়েকে ৰিহাৰ আঁচলেৰে নিজৰ চকুৰ-লো টুকিবলৈ ধৰিলে। পদুমে আকৌ সুধিলে ঃ-“একেবাৰে বিয়াৰ ঠিক কৰি চিঠি দিলে নে?” সীখয়েকে উত্তৰ দিলে ঃ –“এৰা ঠিক কৰি চিঠি দিলে। আকৌ শুনিছোঁ বোলে ৰাজকোঁৱৰ বিয়াৰ নিমিত্তে তাৰ পৰা আহিলেই, কালি আজিতে পাবহি”।
সখীয়েকৰ কথাৰ অন্তত পদুমে “সূৰ্য্য! সূৰ্য্য!" বুলি দুবাৰ মাতি আকৌ মুচ্ কচ্ গল। সখীয়েকে বৰ যতনেৰে আকৌ পদুমৰ চেতনা আনি কলে, “সখি, বিপদকালত ধৈৰ্য্যহে ধৰিব লাগে , অস্থিৰ হলে কি হব? লাজ কৰি থাকোঁতে থাকোঁতে জোৰ পুৰি হাত পালেহি। আইক মই সকলো কথা ভাঙ্গি-চিঙ্গি কওঁ, বোলে সূৰ্য্যইহে পদুমৰ স্বামী, সূৰ্য্যৰ বাহিৰে পদুমে কাকো নেজানে। আয়ে দেউতাৰ আগত কৈবিয়া ভাঙ্গি দিয়ক।”
পদুম। - আৰু কৰাঁ, “সূৰ্য্য নহলে পদুম জীয়াই থাকিব নো--।” এই বুলিয়েই পদুমৰ কণ্ঠৰোধ হল, ফটিকৰ ধাৰ যেন দুধাৰা লো চকুৰ পৰা বৈ আহিল, আৰু একো কব নোৱাৰিলে। সখীয়েকে আপোনাৰ ৰিহাৰ আঁচলেৰে পদুমৰ চকুৰ লো টুকি দি লাহেকৈ চুমা এটি খালে। পাঠক! কৃষ্ণপক্ষৰ প্ৰতিপদৰ জোনে জোনে চুমা খোৱা দেখিছানে? নাই দেখা, কত দেখিবা? দেখাহেঁতেন বিষাদত মলিনমুখী এই জোন দুটিৰ মুখে মুখে লাগি কেনে শোভা হৈছিল, তাক অলপ অনুমান কৰিব পাৰিলাহেঁতেন; চুমা খাই সখীয়েকে পদুমক কলে, ‘সখি এই কথাত পলমকৈ থাকিলে কাৰ্য্য নাশ; সেই দেখি মই এতিয়া আইৰ ওচৰলৈ