পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৭
পদ্ম কুমাৰী।

পদ্মকুমাৰীক বিয়া কৰাবলৈ মহাৰাজে কোঁৱৰক ডোলাই ঘোঁড়াই, হাতীয়ে মানুহে দি মহা পয়োভৰেৰে পঠাই দিলে।

 সূৰ্য্যকুমাৰ বৰুৱা নামে এটি লৰা পাঁচ বছৰ বয়সতে হৰদত্তই তেওঁৰ ঘৰলৈ আনি তুলি-তালি ডাঙ্গৰ দীঘল কৰিছিল। পাঁচ বছৰতে সূৰ্য্যৰ বাপেক মাক মৰিল। বাপেক-মাকৰ অভাৱত তেওঁক পোহপাল কৰোঁতা কোনো নাছিল দেখি দয়ালু হৰদত্তই আনি তেওঁক প্ৰতিপাল কৰিবলৈ ধৰিলে। তেওঁৰ বাপেক যদিও দুখীয়া আছিল, তথাপি ভাল মানুহৰ ঘৰৰ, আৰু হৰদত্তৰ ঘৰত সদাই উপাসা ভৰষা কৰি থকা মানুহ। সেইবাবে হৰদত্তই কেওঁকিছু নাইকিয়া সেই মাউৰা লৰাটিক বৰ মৰম কৰি অতি আদৰেৰে তুলিছিল। সূৰ্য্যয়ো হৰদত্ত আক তেওঁৰ পত্নীৰ ওচৰত সেইবাবে কৃতজ্ঞ আছিল, আৰু আপোনাৰ ঘৰত থকাতকৈও বৰ সুখেৰে আছিল। সূৰ্য্য দেখিবলৈ বগা আৰু ধুনীয়া আছিল। তেতিয়াৰে পৰা সূৰ্য্যৰ খোৱা, পকা, ধেমালি কৰা, ফুৰা, কথাকোৱাৰ লগৰীয়ানী হৈছে পদ্ম। পদ্ম যত সূৰ্য্য তত, সূৰ্য্য যত পদ্ম তত। পদ্মই ধেমালি নকৰিলে সূৰ্য্যই ধেমালি নকৰে, পদ্মই বেজাৰ কৰিলে সূৰ্য্যই বেজাৰ কৰে, পদ্মই ভাত নেখালে সূৰ্য্যই ভাত নেখায়। মুঠতে কবলৈ গলে ৰাতিৰ ৬|৭ ঘণ্টাৰ বাহিৰে পদ্ম-সূৰ্য্যৰ এৰাএৰি নাই। পদ্মৰ মনটো সদাই কেনেকৈ আনন্দত ফুলি থাকিব সূৰ্য্যৰ এই চেষ্টা, আৰু সূৰ্য্যৰ মনটো সদাই কেনেকৈ ভালে থাকিব পদ্মৰ এই চেষ্টা। দুইৰো ভিতৰত এনে নিৰ্ম্মল ভালপোৱাৰ দৃশ্য অতি সুন্দৰ, অতি মোহলগা। হৰদত্ত আৰু তেওঁৰ স্ত্ৰীয়ে পদ্ম- সূৰ্য্যৰ সজ-স্বভাৱ আৰু ব্যৱহাৰত সদাই আনন্দ লাভ কৰি আছিল।

 এইদৰে কিছুকাল গল। পদুম আৰু সূৰ্য্য লাহে লাহে ডাঙ্গৰ হৈ আহিল। বয়সৰ লগে লগে তেওঁবিলাকৰ ভিতৰত মৰমো বাঢ়ি আহিল। পদুমৰ বয়স এতিয়া চৌধ্য বছৰত সূৰ্য্যৰ ১৭ বছৰত সোমাল। কিন্তু স্বাভাৱিক পৰিবৰ্ত্তনত কোনে বাধা দিব পাৰে? তেওঁবিলাকৰ ভিতৰত লৰাকালৰ মৰমেই ক্ৰমে এটা অভিনৱ আকৃতি ধৰিলে। আগেয়ে দুয়ো হিয়া উবুৰিয়াই কথা নেপাতিলে নহৈছিল; এতিয়া দুয়ো একেষাৰ বা দুৱেষাৰ কথাতকৈ সৰহকৈ পাতিব নোৱাৰে। আগেয়ে দুয়ো-মুখলৈ চোৱা-চুই কৰি দিনটো থাকিলেও মুখৰ ভাব নলৰিছিল, এতিয়া চকুৱে চকুৱে এবাৰ পৰিলেই দুইৰো মুখ ৰঙ্গা লাতুৰমণিৰ নিচিনা হৈ যায়, আৰু মূৰ তললৈ দোঁখাই পৰে। একৰামকালি এজনে এজনক ওচৰত দেখিলেহে হেঁপাহ পলুৱাই চাব পাৰিছিল, এতিয়া এজনে এজনক আঁতৰৰ পৰা লুকাই চালেহে মনৰ সুখেৰে হেঁপাহ পলুৱাই চাব পাৰে। আগেয়ে এজনে

 

৫৮