পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৯
সীতাসৰণ কাব্য

হাসে কিবা বুধ জন বুদ্ধি হীন মোক
ইভয়ে কম্পিত হিয়া, লেখনী স্থগিত।
কৰিয়ো কৰুণা মূৰ্খে মূৰ্খতা নাশিনি!
দয়াময়ি! দীনজনে কৰিয়োক দয়া।
কি জানো ভকতি তব শ্ৰীপদ পঙ্কজে।
আমি অপদাৰ্থ দাসে? কি বুজো অবুজে
অনন্ত মহিমা তব, অনন্ত ৰূপিনি!
দিয়া পদ ছায়া, মাতঃ! গাওঁ আমি ৰচি
বৈদেহী হৰণ গীত, তব অনুগ্ৰহে।
প্ৰভাতিলা নিশা। উষা আশুগতি ধৰি
আসিল; কুৰুলি দিল। সুদীৰ্ঘে পেঁচক;
বায়স কৰিলা ‘কা কা'; যেন হেৰুৱাই
লঙ্কা, লঙ্কা-প্ৰিয়-পক্ষী কুক্কুট পুছিলা।
‘লঙ্কা পুৰ ক’ত বুলি’; গাইলা চৌদিশে
প্ৰভাতীয় গীত যত প্ৰভাতী বিহগ;
বৃক ধূৰ্ত্তদল দিল। হুৱাধ্বনি দূৰে।
উদিলা আদিত্য দেব উদয় অচলে।
উজালি শিখৰ-শিৰ, পৰে তৰু-শিৰ।
সুউচ্চ অনুচ্চ পৰে; পৰে লতা বন,
ক্ৰমে ধৰাতল পাছে; ৰজতৰ বিভা
শোভিল জগৎ যুৰি। ডৰি বিভাবৰী
বিভা বৈৰী দৰশনে, পলাল অন্তৰে;
কন্দৰে তিমিৰ কালা লুকাল তৰাসে।
প্ৰভাতে প্ৰক্ষালে যথা নিদ্ৰা পৰি হৰি
নিজ নিজ মুখ নৰ; ধুইলা সিমত,
(শ্ৰেষ্ঠজনে অনুকৰা অশ্ৰেষ্ঠৰ ৰীতি),
বিটপী ব্ৰততী তৃণ যতেক কাননে
আনন্দে আনন নিজ নিশিৰ নিয়ৰে।
প্ৰফুল্ল প্ৰসূন ৰাশী, প্ৰফুল্ল বান্ধব
বান্ধব মিলনে যথা,—হাসি মধু হাসি