পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৬
অসমীয়া সাহিত্যৰ চানেকি।

কৃষ্ণনাৰায়ণক কৈ ৫৮০০০ টকা কৰ বছৰি তেওঁ আহোম ৰজাক দিবলৈ নিৰ্ব্বন্ধ কৰি সন্ধি কৰাই দিলত হৰদত্তই, ঠেৰু ছিগি কিছু দিনৰ নিমিত্তে শান্ত ভাৱ ধাৰণ কৰিলে। কিন্তু ঢেকেৰী মানুহৰ প্ৰতি আহোমবিলাকৰ তুচ্ছ তাচ্ছিল্যভাৱ, অমানুষিক ঘৃণা, অতি কুৎসিৎ ব্যৱহাৰ বিষে তেওঁৰ অন্তৰ বিষাক্ত কৰি থৈছিল। তেওঁৰ নিচিনা উন্নতমনা আৰু স্বদেশ প্ৰেমী লোকৰ পক্ষে, আপোন দেশৰ লোক আৰু জ্ঞাতী কুটুম্ব প্ৰভৃতিৰ লাঞ্ছনা নিজ চকুৰে আগত দীৰ্ঘকাল চাই থকা অসম্ভৱ কথা। কতদিন কতবাৰ আপোনদেশী লোকৰ, আহোমবিলাকৰ হাতত, অলপমান অমৰ্য্যাত দেখি তেওঁ চকুৰলো টুকিছে! পৰাক্ৰমী ইংৰাজ সৈন্য আসামৰ পৰা উভতি গলত আকৌ হৰদত্ত অত্যাচাৰী আহোম ৰজাৰ বিপক্ষে সিংহ বিক্ৰমে উঠিল আকৌ তেওঁ বজ্ৰ নিৰ্ঘোষ স্বৰে স্বদেশীয় সকলক আহোমৰ বিপক্ষে উত্তেজিত কৰিবলৈ ধৰিলে। আকৌ তেওঁ “কাৰ্য্যং বা সাধয়েৎ শৰীৰং বা পাতয়েৎ” মহামন্ত্ৰেৰে জাতি ভাই সকলৰ হিয়াত আহুতি দিবলৈ ধৰিলে। আকৌ তেওঁৰ শক্তি সামৰ্থ্য তেওঁ অদম্য উৎসাহেৰে যুদ্ধৰ আয়োজনত প্ৰয়োগ কৰিবলৈ লাগিল।

 মোঁৱামৰীয়া বিদ্ৰোহ দমন হোৱাৰ পাছত মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাইদেৱে ভগা দেশ নকৈ পাতিবলৈ লাগিল। তেওঁৰ গোটেই যত্ন উজনি খণ্ডতে ব্যয়িত হৈছিল; গুৱাহাটীৰ ফালে তেওঁ বিশেষ মন দিব নোৱাৰিছিল। বিশেষতঃ গেন্ধেলা ৰাজখোৱা বৰফুকনে (কলীয়াভোমোৰা বৰফুকন) ন-কৈ কামৰূপৰ শাসন কৰ্ত্তা হৈ অহা বাবে তাৰ অৱস্থা ভালকৈ জানিব নোৱাৰিছিল। সেই দেখি কামৰূপত নানা অন্যায় অত্যাচাৰাদি হৈছিল।

 হৰদত্তই কোচবেহাৰৰ মহাৰাজলৈ এখন চিঠি লিখিলে, যে কামৰূপ চিলাৰায় আৰু ৰঘুদেৱ ৰজাৰ দিনৰে পৰা, কোচবেহাৰৰ ৰজাসকলৰ সম্পত্তি; শ্যাম বা শ্যান দেশৰ মেলেচ আহোমবিলাকৰ গৰাহৰ পৰা কামৰূপ ৰক্ষা কৰি সুশাসন কৰাটো তেওঁবিলাকৰ নিতান্ত কৰ্ত্তব্য। আৰু এই কাৰ্য্যত তেওঁ মহাৰাজক প্ৰাণ পৰ্য্যন্ত দি সাহায্য কৰিবলৈ সাজু আছে। সম্প্ৰতি এই কথাৰ স্থিৰতাৰ নিমিত্তে তেওঁৰ সৰ্ববসুলক্ষণী আৰু ৰাজযোগ্য সুন্দৰী কন্যা পদ্মকুমাৰীক মহাৰাজৰ কোঁৱৰক সমৰ্পণ কৰিছে। পত্ৰ প্ৰাপ্তমাত্ৰকে যেন কোঁৱৰ আহি পদ্মকুমাৰীক শুভ বিবাহ কৰি লৈ যায়।

 পদ্মকুমাৰীৰ অপাৰ্থিব ৰূপ-গুণৰ কথা কোচবেহাৰে বহুদিনৰ আগৰে পৰা শুনি লুভীয়া হৈ আছিল, বিশেষতঃ হৰদত্তৰ নিচিনা ক্ষমতাশালী মানুহ এজনৰ সাহায্যত কামৰূপ লাভ, ৰাঙ্গত ৰূপ চৰোৱাৰ দৰে। চিঠি পোৱা মাত্ৰকে