পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫৫
পদ্ম কুমাৰী।

দ্বিতীয় অধ্যায়।

 ‘পদুমৰ কি হৈছে’! এই প্ৰশ্নৰ উত্তৰ আমি এতিয়া দিবলৈ কাৰবাৰ কৰোঁ

 হৰদত্ত যদিও এজন সৎস্বভাৱৰ আৰু স্বদেশহিতৈষী লোক, তথাপি তেওঁৰ অন্তৰত অতি উচ্চ আশা সদাই অতিপাত ৰূপে আছিল বুলি আমি আগেয়ে কৈছোঁ। তেওঁৰ এই আশা-বহ্নিত কন্‌কনীয়া শুকান খৰি পেলাই দিওঁ হৈছে তেওঁৰ ভায়েক বীৰদত্ত। হৰদত্তই যেই কামকে কৰিম বুলি ভাবিব, বীৰদত্তই তাকে সিংহ বিক্ৰমেৰে সমৰ্থন কৰি তেওঁক সেই কাম কৰিবলৈ দুগুণ উৎসাহী কৰিব। আন কি, কেতিয়াবা হৰদত্তই কৰিব নোখোজা কোনো কোনো কামো বীৰদত্তৰ উদগনিত কৰিবলৈ বাধ্য হয়। চমুকৈ কব গলে, হৰদত্ত মূৰ বীৰদত্ত হাত। আৰু মূৰে হাতক চলাব লাগে দেখি হাতৰ ওচৰত মূৰো কেতিয়াবা সেও হব লগত পাৰে।

 মোৱাঁমৰীয়াবিলাকে আসাম উপান্ত কৰিলে; দেশত হুলস্থূল; প্ৰজাৰ সুখ- শান্তি নাই; ধন প্ৰাণ সকলো সঙ্কট জালেৰে মেৰখোৱা, কত লোক ভাগি দেশ দেশান্তৰে গল; মানুহৰ পথাৰৰ পকা ধান পথাৰতে গুচিল, ভঁড়ালৰ ধান ভঁড়ালতে এন্দুৰ, শলিয়া, চোৰ, ডকাইতৰ ভোজ হল; বাড়ীৰ তামোল পান জয়পাতেক্ষয়, আৰু গাওঁ-ভূইত মহাপ্ৰলয় উপস্থিত; চাৰিও ফালে হাহাকাৰ! অৱশেষত প্ৰজাৰ আৰ্ত্তনাদৰ ধ্বনি পৰমেশ্বৰৰ সিংহাসন পালেগৈ। ঈশ্বৰৰ মন কুমলিল, আৰু তেওঁৰ ইচ্ছামতে ইংৰাজসিংহই নিৰ্ভয় হাত দুখুনী আসামৰ ফালে ডাঙ্গিলে।। মহাৰাজ গৌৰীনাথ সিংহ স্বৰ্গদেৱৰ প্ৰাৰ্থনা মতে, মহামতি লৰ্ড কৰ্ণওৱালিচ্ বাহাদুৰ গৱৰ্ণৰ জেনাৰেল চাহাবৰ অজ্ঞাত ১৭৯২ খ্ৰীষ্টাব্দত কাপ্তান ওৱেলেচ্‌ চাহাব আসামলৈ আহি মোঁৱামৰীয়া বিদ্ৰোহ দমন কৰে। কিন্তু পৰৰাজ্যত হস্তক্ষেপ নকৰা নীতি প্ৰৱৰ্ত্তক, গৱৰ্ণৰ জেনেৰেল স্যৰজন স্যোৰ বাহাদুৰে ভাৰতবৰ্ষৰ শাসন দণ্ড গ্ৰহণ কৰিলত ১৭৯৪ খ্ৰীঃ কাপ্তান চাহাব দুখুনী আসামক আকৌ দুখৰ এন্ধাৰ গাটত পেলাই কলিকতালৈ গুচি গল! ওৱেলেচ্‌ আসামলৈ অহাৰ অলপ আগেয়ে দঙ্গৰ কৃষ্ণনাৰায়ণ ৰজাৰে সৈতে মিল হৈ হৰদত্তই মোঁৱামৰীয়াবিলাকৰ হাতৰ পৰা কামৰূপ ৰক্ষা কৰিবলৈ প্ৰাণপণে চেষ্টা কৰিছিল। তেওঁৰ প্ৰধান ইচ্ছা এইটো আছিল, যে এই সুযোগতে ঢেকেৰী-বিদ্বেষী অত্যাচাৰী আহোমবিলাকৰ হাতৰ পৰা স্বদেশ উদ্ধাৰ কৰি সুশাসনৰ নিমিত্তে কোচবেহাৰৰ মহাৰাজক বা কৃষ্ণনাৰয়ণ ৰজাক দিয়ে, নাইবা তেওঁ নিজে ৰাখে। পাছে কাপ্তান চাহাব আহি