উচ্চাকাঙ্ক্ষা আৰু আত্মাভিমান প্ৰভৃতি গোটাচেৰেক গুণ বৰ প্ৰৱল আছিল; যাৰ বশবৰ্ত্তী হৈয়েই তেওঁ কাৰো কথা, কাৰো উপদেশ, কাৰো পৰামৰ্শ, আন কি তেওঁৰ অতি মৰমৰ ভাৰ্য্যা আৰু কন্যাৰ প্ৰাৰ্থনা, কাকুতি মিনতি পৰ্য্যন্ত কেতিয়াবা অগ্ৰাহ্য কৰিছিল। পাঠক, হৰদত্তৰ সংক্ষেপে অলপ চিনাকী পালে, এতিয়া তেওঁৰ সহধৰ্ম্মিণীৰ বিষয়ে দুষাৰমান কথা কওঁ।
হৰদত্তৰ ভাৰ্য্যাৰ নাম কি আমি কব নোৱাৰোঁ, কাৰণ তেওঁৰ স্বামীয়ে তেওঁৰ নাম, কাঢ়ি মতা কেতিয়াও কোনোৱে শুনা নাই। কেৱল ‘ৰঘুৰ মাক’ বুলি মতাটোহে আমি কব পাৰোঁ ৰঘূদত্ত হৰদত্তৰ পুতেক, সেই বাবেই, বোধ কৰোঁ, তেওঁক ৰঘুৰ মাক বুলি মাতে। পাঠকে যদি এই খিনিতে আমাক সোধে বোলে, ৰঘু ওপজাৰ আগেয়ে হৰদত্তই তেওঁৰ ভাৰ্য্যাক কি বুলি মাতিছিল? তেন্তে আমাৰ মাত হেৰাব; কাৰণ, সেই ডোখৰ কালৰ কথা আমি বৰকৈ কব নোৱাৰোঁ তেও যদি আঁকোৰগজালি পাঠকে আমাক নেৰে, তেন্তে আমি কও, যে আমাৰ দেশত গিৰীয়েকে ঘৈনীয়েকৰ, ঘৈনীয়েকে গিৰীয়েকৰ নাম কাঢ়ি মতা দস্তুৰ নাই। লৰা এটা বা ছোৱালী এজনী নোহোৱালৈকে গিৰীয়েকে ঘৈনীয়েকক “ঐ-অ” “কলৈ গলি অ,” “হেৰ এই জনী,” “শুনিছনে অ” বুলি মাতে; লৰা ছোৱালী হলে অমুকৰ মাক বুলি মাতে। সেইখিনি কাললৈকে ঘৈনীয়েকে গিৰীয়েকক কি বুলি সম্বোধন কৰে সেই কথা আজিলৈকে এথোন আমাৰ কৰ্ণগোচৰ হোৱা নাই; হলে তপতে তপতে তাক পাঠক সকলৰো কৰ্ণগোচৰ কৰা যাব। যাওক সেই বিলাক বাজে কথা, সম্প্ৰতি আমি কবলগীয়া কথা কওঁ। হৰদত্ততকৈ হৰদত্তৰ ঘৈনীয়েক ১৯ বছৰৰ সৰু। তেওঁৰ ১৭ বছৰ বয়সত ৰঘুদত্ত ওপজে আৰু তাৰ তিনি বছৰৰ পাছত এটি ছোৱালী জন্মে, যাৰ কথা আমি পিছত কম। এতিয়া তেওঁৰ বয়স ৩৭ বছৰ হৈছে। কিন্তু ঈশ্বৰে কি মিলাই দিছে, কব নোৱাৰি, গিৰীয়েকৰ নিচিনাকৈ এওঁকো নিচেই অলপ বয়সীয়া বুলি জানি। অলপ বয়সীয়া তিৰোতাৰ নিচিনা তেওঁৰ মুখত সেই কোমলতা, সেই মধুৰতা, সেই সৌন্দৰ্য্য বিদ্যমান। এতিয়াও তেওঁৰ মাত মিহি, এতিয়াও তেওঁৰ মাত মিঠা, এতিয়াও তেওঁৰ কথাত সেই যৌৱন-সুলভ লালিত্য আছে। তেওঁ বাহিৰে যেনে মধুময়, ভিতৰেও তেনে মধুময়, পৱিত্ৰ, নিষ্পাপ। এনে সাদৰি, পতিব্ৰতা আৰু ধাৰ্ম্মিক তিৰোতা প্ৰায় দুষ্প্ৰাপ্য। স্বামীত তেওঁৰ অচলা ভক্তি। প্ৰত্যুষে উঠি স্নানকাৰ্য্য কৰি হৰিমন্দিৰ মাৰ্জ্জনা কৰা, আৰু ৰন্ধা-বঢ়াদি গৃহৰ আন আন কাৰ্য্য কৰা তেওঁৰ নিত্যকৰ্ম্ম। তেওঁৰ পুতেক আৰু জীয়েকক তেওঁ প্ৰাণতকৈ অধিককৈ ভাল পাই; কিন্তু এটি