পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p2.djvu/১১১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪৮
অসমীয়া সাহিত্যৰ চানেকি।

ৰূপৰ শলা, এটা ৰূপৰ চন্দনৰ খুৰিবাটি। ডাঙ্গৰটো কৰণীত গোটাচেৰেক ব-চুঙ্গা আৰু মাকো, কিছুমান মহুৰা (কোনোটো পকোৱা কোনোটো নপকোৱা); দুনেচামান পাট-সূতা আছে। বেৰত কাঠৰ হাকোটা দুটা আছে, তাৰে এটাত মূৰত ঘহা গান্ধ তেলৰ চুঙ্গা এটা, এটাত মেৰ-ঢৰ খনচেৰেক আৰি থোৱা হৈছে। বেৰৰ কাষতে মাটিত গোটাচেৰেক উঘা-চেৰেকী পুতি থিয়কৈ থোৱা হৈছে। শোৱা-পাটিৰ ওচৰতে এটা বটাত টেমি, কটাৰী আৰু তমোল-পান আছে। পাটিখন সৰ্ব্বসাধাৰণ মানুহৰ যেনেকুৱা, তেনেঃ— এখন হেন্দুলীয়া কুন্দা খুৰাৰে কঠাল কাঠৰ চালপিৰা, এখন কঠ, এখন তুলি, এখন তলত-পৰা, এটা গাৰু, আৰু এখন কাপোৰ। সেই খোটালিটোত কাপোৰ থোৱা দাঁড়, পিকদান, চৰিয়া, লোটা আৰু বাটি প্ৰভৃতি এনে ভালেমান বস্তু আছে, যিবিলাক সকলো ভালমানুহৰ জীয়াৰীৰ শোৱা-ঘৰত থাকে। এই বিলাক বস্তু, আৰু তাক থোৱাৰ গতি দেখিলে এটা মানুহৰ এনে ভাব হব, যে সেই ঘৰটিৰ গৰাকীয়নী অতি পৱিত্ৰ, কোমল আৰু সজ স্বভাৱৰ ছোৱালী।

 পাঠক, সেই ছোৱালীজনী কোন আপুনি চিনি পাইছে নে? কেলৈ তেওঁ এই দুপৰ ৰাতি অকলৈ ভাবি- চিন্তি অস্থিৰ, কব পাৰে নে? চাওকচোন কিয় তেওঁ শোৱা পাটীত, শোৱাৰ পৰিবৰ্ত্তে, বহি গাৰুত আউজি গালত হাত দি বেৰৰ ফালে মাটিৰ প্ৰতিমাখনি যেন হৈ একে থৰে ৰ-লাগি চাই আছে! চাওকচোন তেওঁৰ চকুৰ পৰা দুধাৰা ফটিকৰ নিচিনা কি, পকা গোলাপীজামু যেন গালে দি, বৈ আহিচে! কিয় বা তেওঁ থাকি থাকি একোটা হুমুনিয়াহ কাঢ়িছে? হায়! ন-কৈ ফুল গোলাপ ফুলটি যেন ধুনীয়া আৰু মধুৰ. এই ১৪ বছৰীয়া ছোৱালীটীৰ আজি কি হল? যাৰ মুখ সদাই প্ৰসন্ন, যি হাঁহিলে সৰিপৰা বকুল ফুলটি, ঠাৰিত লাগি থকাৰ ফালৰ পৰা চালে, যেনে দেখি তেনে চিকুন খোৰ দুটি দুফালে দুখন গালত ওলাই পৰে, যাৰ মনত মৌ বৰষে, যাৰ ওঠ দুটি দালিমফুল যেন টিক্‌টিক্‌ কৰে ৰঙ্গা, দাঁত দুপাৰি যাৰ মুকুতাৰ মলা দুধাৰি যেন, যাৰ নাকৰ উপমা দিবলৈ বস্তু নাই, চেলাউৰী দুডাল যৰি লেখনীৰে লেখা যেন, চকুযোৰ যাৰ নিৰ্ম্মলতা, পৱিত্ৰতা আৰু চেনেহৰ পোহৰেৰে সদাই পোহৰ, যাৰ বহল আৰু মিহি কপালত কেকোৰা কেকোৰা চুলি পৰি থকা দেখিলে দেখোঁতাৰ বাহ্যিক জ্ঞান নাইকিয়া হয়, যাৰ কাণ আৰু গলধনে সৈতে ডিঙ্গিটি দেখিলে জলকুঁৱৰী বুলি ভ্ৰম হয়, এনে অপেস্বৰীটীৰ, এনে প্ৰতিমাটীৰ, এনেপাৰিজাত ফুলটিৰ আজি কি হল? আহা! পদুমৰ নলা ডালি যেন কোমল হাতটি মুৰটিৰ ভৰত ভাগি নেযাবনে? শিলেৰে